হায়দৰাবাদ: ছেমছাঙে ভাৰতত মুকলি কৰিছে এটা নতুন স্মাৰ্টফোন, যাৰ নাম Samsung Galaxy F06 5G । এই ফোনটোৰ বিষয়ে বিগত সময়ছোৱাত যথেষ্ট চৰ্চা চলি থকা পৰিলক্ষিত হৈছে ৷ এতিয়া অৱশেষত ইয়াক মিডিয়াটেক ডাইমেনচিটি 6300 চিপছেটৰ সৈতে মুকলি কৰা হৈছে । ছেমছাঙৰ সস্তীয়া স্মাৰ্টফোনত সামগ্ৰিকভাৱে ভাল স্পেকচ আছে, আৰু আৰম্ভণি মূল্যও 10 হাজাৰ টকাৰ তলত । এই ফোনটোক ছেমছাঙে নিজৰ সস্তাতম 5G ফোন বুলি অভিহিত কৰিছে । এই ফোনটোৰ বিষয়ে জানো আহক---
এইটো ছেমছাঙৰ 5G স্মাৰ্টফোন আৰু ইয়াক নীলা আৰু বেঙুনীয়া ৰঙৰ দুটা বিকল্পত প্ৰদান কৰা হৈছে । এই ফোনটোৰ প্ৰথম ভেৰিয়েন্ট হৈছে 4GB+128GB, যাৰ মূল্য অফাৰৰ সৈতে 9,499 টকা । ফোনটোৰ দ্বিতীয়টো ভেৰিয়েন্ট হৈছে 6GB+128GB, যাৰ মূল্য অফাৰৰ সৈতে 10,999 টকা । এই দুয়োটা মূল্যতে 500 টকাৰ কেছবেক অফাৰো আছে । এই ফোনটো একচেটিয়াভাৱে ফ্লিপকাৰ্টত বিক্ৰী কৰা হ’ব । শীঘ্ৰে এই ফোনটোৰ প্ৰথম চেলৰ কথা ঘোষণা কৰা হ’ব ।
ছেমছাং গেলেক্সি F06 5G স্পেকচ
ডিছপ্লে: ছেমছাং ফোনত থাকিব 6.74 ইঞ্চিৰ HD+ ডিছপ্লে আৰু 800 নিটৰ হাই ব্রাইটনেছ মোড ।
প্ৰচেছৰ: ফোনটোত মিডিয়াটেক ডাইমেনচিটি 6300 প্ৰচেছৰ আছে, যিটো 6GB ৰেম আৰু 128GB ষ্ট’ৰেজৰ সৈতে আহিব । এই ফোনটোৰ প্ৰচেছৰৰ বাবে ছেমছাঙে দাবী কৰিছে যে তেওঁলোকে AnTuTu ত 4,16,000 স্ক’ৰ কৰিছে । অৰ্থাৎ দামৰ ফালৰ পৰা এই ফোনত ইউজাৰে ভাল চিপছেট পাব ।
কেমেৰা: ফোনটোৰ পিছফালে ডুৱেল কেমেৰা ছেটআপ আছে, প্ৰথম কেমেৰা 50MP আৰু দ্বিতীয় কেমেৰাটোত 2MP ৰ ডেপথ চেন্সৰ আছে । ফোনটোত চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 8MP ফ্ৰন্ট কেমেৰা আছে ।
বেটাৰী: ছেমছাঙৰ ফোনত 5000mAh বেটাৰী আছে, যিটো 25W ফাষ্ট চাৰ্জিং সমৰ্থিত ।
চফট্ ৱেৰ: এই ফোনটো এণ্ড্ৰইড 15 ভিত্তিক ৱান ইউ আই 7 আউট অৱ দ্য বক্সত চলিব । কোম্পানীটোৱে জনোৱা মতে, এই ফোনটোক 4 বছৰ পৰ্যন্ত অ’ এছ আপগ্ৰেড আৰু ছিকিউৰিটি আপডেট দিব ।
অন্যান্য বৈশিষ্ট্যসমূহ: এই ফোনত 12 5G Band আছে যাতে 5G সংযোগ দ্ৰুত আৰু ভাল হয় । ইয়াৰ উপৰিও ইয়াত চাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট চেন্সৰ, ভইচ ফ’কাচ ফিচাৰকে ধৰি বহু বিশেষ বৈশিষ্ট্য আছে ।
এই ফোনটোৰ বিকল্প
এই ফোনটোৱে Redmi ৰ Redmi 14C 5G আৰু Motorola ৰ Moto G45 5G ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । এই ফোন দুটাৰ দাম প্ৰায় 10 হাজাৰ টকা আৰু স্পেচিফিকেশনৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য নাই । গতিকে, যদি আপুনি এই নতুন ছেমছাং ফোনটো কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এই দুটা ফোনক নিশ্চয়কৈ তুলনা কৰক ।
লগতে পঢ়ক