ETV Bharat / bharat

দ্বাদশ শ্ৰেণীৰ ছাত্ৰই দিছিল বোমাৰ ভাবুকি ! - DELHI SCHOOL BOMB THREAT

দিল্লীৰ কেইবাখনো বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি সম্পৰ্কীয় গোচৰত আৰক্ষীৰ বৃহৎ সফলতা । ইয়াৰ আঁৰত থকা এজনক গ্ৰেপ্তাৰ ।

Delhi Bomb Threat
দ্বাদশ শ্ৰেণীৰ ছাত্ৰই দিছিল বোমাৰ ভাবুকি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

নতুন দিল্লী : শেহতীয়াকৈ দিল্লীৰ কেইবাখনো বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰা হৈছিল । অচিনাক্ত লোকে ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল । এই ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ মাজতে এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । অভিযোগ অনুসৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰই এই ভাবুকিপূৰ্ণ ইমেইলবোৰ প্ৰেৰণ কৰিছিল ।

  • দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গ্ৰেপ্তাৰ

আৰক্ষীয়ে এই সন্দৰ্ভত দিল্লীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে । অনুসন্ধানত প্ৰকাশ পাইছে যে তেওঁ তেনে এক ঘটনাত জড়িত আছিল । যিয়ে কেইবামাহ ধৰি বিদ্যালয়লৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰি আহিছিল । আৰক্ষী সূত্ৰই কয় যে ছাত্ৰজনক সোধাপোছাৰ সময়ত গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা গৈছে যিয়ে দেখুৱাইছে যে তেওঁ আৰু তেওঁৰ সহযোগীসকলে আন বিদ্যালয়সমূহলৈও একে ধৰণৰ ভাবুকি প্ৰেৰণ কৰিছিল । অৱশ্যে আৰক্ষীয়ে এই প্ৰমাণবোৰ পৰীক্ষা কৰিবলৈ ফৰেনচিক বিশেষজ্ঞৰ সহায় লৈছে যাতে আইনী পদক্ষেপৰ পূৰ্বে প্ৰমাণীকৰণ কৰিব পৰা যায় ।

আৰক্ষী সূত্ৰৰ মতে, সকলোকে ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা হৈছিল । কাৰিকৰী নিৰীক্ষণৰ জৰিয়তে আৰক্ষীয়ে ছাত্ৰজনৰ অৱস্থান বিচাৰি উলিয়াইছিল আৰু তেওঁক আটক কৰে । অনুসন্ধানত প্ৰকাশ পাইছে যে অভিযুক্ত ছাত্ৰ জন আৰু তেওঁৰ সহযোগীসকল কাৰিকৰীভাৱে অভিজ্ঞ আছিল আৰু ভিপিএন ব্যৱহাৰ কৰি ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল । আৰক্ষীয়ে আন শিক্ষাৰ্থীৰ ভূমিকা সন্দৰ্ভতো অনুসন্ধান কৰি আছে ।

  • এই কেইখন বিদ্যালয়ে পাইছিল ভাবুকিপূৰ্ণ ইমেইল

দক্ষিণ দিল্লীৰ ডিচিপি অংকিত চৌহানে শুকুৰবাৰে দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল । অৱশ্যে কিছুমান কাৰণত এই সংবাদমেল বাতিল কৰা হয় । দিল্লী ফায়াৰ ছাৰ্ভিচৰ বিষয়াসকলৰ মতে, টেগোৰ ইণ্টাৰনেচনেল স্কুল, ব্লুবেলছ স্কুল ইণ্টাৰনেচনেল, মাদাৰ্ছ ইণ্টাৰনেচনেল স্কুল, মডাৰ্ণ স্কুল, স্প্ৰিংডেলছ স্কুল, জিডি গোয়েঙ্কা পাব্লিক স্কুল, ছেইণ্ট কলম্বা স্কুল আৰু দিল্লী পাব্লিক স্কুললৈ বোমাৰ ভাবুকি দিয়া হৈছিল ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত 900 চৰকাৰী কৰ্মচাৰী অসদাচৰণ, দুৰ্নীতিত জড়িতৰ অভিযোগ - LEGAL ACTION AGAINST JK EMPLOYEES

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.