তেজপুৰ : জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত শোণিতপুৰৰ জিলা দণ্ডাধীশ অংকুৰ ভৰালীয়ে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰৈমাৰী মৌজাৰ খলিহামাৰী গাঁৱৰ ২৪ নং দাগৰে সামৰি লোৱা দেবেন্দ্ৰনগৰত অৱস্থিত ফায়াৰিং ৰেঞ্জৰ অঞ্চলটো অসম জন শৃংখলা ৰক্ষা (সংশোধনী) আইন, ১৯৬০ ৰ ধাৰা ৮(এফ)ৰ অধীনত ‘সংৰক্ষিত এলেকা’ হিচাপে ঘোষণা কৰিছে ।
এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, উপযুক্ত অনুমতি থকা সশস্ত্ৰ সীমা বল (এছ এছ বি) জোৱান, জিলাৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ বিষয়া আৰু আৰক্ষীৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজৰ প্ৰৱেশ আৰু চলাচল এই নিৰ্দিষ্ট এলেকাত নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে ।
উল্লেখ্য যে, এই অঞ্চলটো সীমা বলৰ মহাপৰিদৰ্শক, সীমান্ত মুখ্য কাৰ্যালয়, এছ এছ বি, তেজপুৰৰ (পূৰ্বতে কমাণ্ডেণ্ট, প্ৰশিক্ষণ কেন্দ্ৰ, এছ এছ বি, শালনিবাৰী) মালিকানাধীন । সীমা বলৰ দেৱেন্দ্ৰ নগৰৰ শিবিৰত বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ফাইৰিং অনুশীলনৰ সময়ত গাৰ্ড ৱালৰ ওপৰেদি গৈ মানশিৰী অঞ্চলৰ পথাৰত কৰ্মৰত এজন লোকক আঘাত কৰাৰ ঘটনা সংঘটিত হৈছিল । সেই সময়ত আৰক্ষীয়ে জনোৱা মতে মাৰ্টিন নাগ নামৰ ৫৪ বছৰৰ লোকজনে মানশিৰীৰ এজন লোকৰ ঘৰৰ পথাৰত দিন-হাজিৰা কৰি থকা সময়তে শিবিৰৰ ফাইৰিং ৰেঞ্জৰ গুলী আহি লোকজনক শৰীৰত লাগিছিল ।
১৯৬৩ চনত তেজপুৰত স্থাপিত হোৱা সশস্ত্ৰ সীমা বলক এছ এছ বি পূৰ্বতে বিশেষ সেৱা ব্যুৰো বুলি জনা গৈছিল । পৰৱৰ্তী সময়ত ২০০১ চনত এছ এছ বিক ভাৰত-নেপাল আৰু ভাৰত-ভূটান সীমান্তত সীমান্ত পহৰা বাহিনীৰ দায়িত্ব দিয়া হৈছিল । ২০০৪ চনত বিশেষ সেৱা ব্যুৰোৰ নাম সলনি কৰি সশস্ত্ৰ সীমা বল কৰা হয় ।
লগতে পঢ়ক: সুকলমে উভতি আহিবনে ! উৎকণ্ঠাৰ মাজতে পঞ্চম দিনাও অব্যাহত উদ্ধাৰ অভিযান