বেংগালুৰু : কৰ্ণাটকৰ য়েলাহাঙ্কা বায়ুসেনা কেন্দ্ৰত সোমবাৰে এছিয়াৰ সৰ্ববৃহৎ এৰোস্পেচ আৰু প্ৰতিৰক্ষা প্ৰদৰ্শনী হিচাপে স্বীকৃত এৰো ইণ্ডিয়াৰ পঞ্চদশ সংস্কৰণ উদ্বোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । ৰাজনাথ সিঙে প্ৰয়াগৰাজত অনুষ্ঠিত মহা কুম্ভমেলাৰ লগত তুলনা কৰি 'এৰো ইণ্ডিয়া 2025'ক ভাৰতৰ শক্তি প্ৰদৰ্শনৰ মহা কুম্ভ হিচাপে উল্লেখ কৰে ।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয়, "বৰ্তমান ভাৰতত মহা কুম্ভমেলা অনুষ্ঠিত হৈছে । ইয়াত দেশ-বিদেশৰ বহু লোকে প্ৰয়াগৰাজত পবিত্ৰ স্নান কৰি আছে । ময়ো প্ৰয়াগৰাজত পবিত্ৰ স্নান কৰাৰ সৌভাগ্য লাভ কৰিছেঁ । মই বিশ্বাস কৰোঁ যে এৰো ইণ্ডিয়া শ্ব'টোৱে দেশত আন এক মহা কুম্ভৰ আৰম্ভণি চিহ্নিত কৰিছে ।"
পাঁচদিনীয়া আড়ম্বৰপূৰ্ণ অনুষ্ঠানটো 10 ফেব্ৰুৱাৰীৰ পৰা 14 তাৰিখলৈকে অনুষ্ঠিত হ'ব । ইয়াৰে ভিতৰত 10-12 ফেব্ৰুৱাৰীক ব্যৱসায়িক দিন হিচাপে সংৰক্ষিত কৰা হৈছে । আনহাতে, 13-14 তাৰিখ দুটা অনুষ্ঠানটো উপভোগ কৰিব বিচৰা লোকসকলৰ বাবে ৰাজহুৱা দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।
এৰো ইণ্ডিয়া অনুষ্ঠান উদ্বোধনৰ পিছত প্ৰদান কৰা ভাষণত ৰাজনাথ সিঙে এৰো ইণ্ডিয়াই কেনেদৰে বিশ্বৰ সন্মুখত ভাৰতৰ প্ৰযুক্তিগত উন্নতি প্ৰদৰ্শন কৰিছে তাৰ ওপৰত আলোকপাত কৰে । তেওঁ কয়, "এফালে প্ৰয়াগৰাজৰ মহা কুম্ভই আত্মসন্মান প্ৰতিফলিত কৰিছে, আনহাতে এৰো ইণ্ডিয়াৰ এই মহা কুম্ভ 'অনুসন্ধান'ৰ (গৱেষণা) ওপৰত ।"
"প্ৰয়াগৰাজৰ মহা কুম্ভই অন্তৰাত্মা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আনহাতে, এৰো ইণ্ডিয়াই বাহ্যিক দিশ শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰয়াগৰাজৰ মহা কুম্ভই ভাৰতৰ সমৃদ্ধ সংস্কৃতি প্ৰদৰ্শন কৰাৰ বিপৰীতে এৰো ইণ্ডিয়াই ভাৰতৰ সামৰিক আৰু প্ৰযুক্তিগত শক্তি প্ৰদৰ্শন কৰে ।" তেওঁ উল্লেখ কৰে ।
"প্ৰয়াগৰাজত ভাৰতৰ ঐতিহ্য আৰু আধ্যাত্মিকতা প্ৰদৰ্শিত হৈছে । আৰু এৰো ইণ্ডিয়াত, 'পৰাক্ৰম' (বীৰত্ব) আৰু 'আয়ুধ'ৰ (অস্ত্ৰ-শস্ত্ৰ) এক মহা কুম্ভ অনুষ্ঠিত হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য- 'বিকাশ ভি ঔৰ বিৰাসত ভি' (উন্নয়ন আৰু ঐতিহ্য একেলগে)- এই মুহূৰ্তত আটাইতকৈ উপযুক্ত । এনে ঘটনা কেৱল ভাৰততে হ'ব পাৰে ।" ৰাজনাথ সিঙে মন্তব্য কৰে ।
"এইটো কেৱল মোৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত । মই ভাৰতৰ সাহসী সৈনিকসকলক শ্ৰদ্ধা জনাইছোঁ । আমাৰ 'অতিথি দেৱ ভৱ'ৰ এক সমৃদ্ধ ঐতিহ্য আছে (অতিথি হৈছে ভগৱান) । ভাৰতত আমি আমাৰ অতিথিসকলক ঐশ্বৰিক হিচাপে গণ্য কৰোঁ । মই 'অতিথি দেৱ ভৱ'ৰ এই পৰম্পৰাটো বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো সন্মানীয় অতিথিৰ সৈতে ভাগ-বতৰা কৰিব বিচাৰোঁ ।" তেওঁ লগতে কয় ।
ৰাজনাথ সিঙে বিশ্বজুৰি অনিশ্চয়তাৰ মাজতো ভাৰতত শান্তি আৰু সমৃদ্ধিৰ প্ৰশংসা কৰি কয়, "এখন বৃহৎ দেশ হিচাপে ভাৰত সদায় শান্তি আৰু স্থিৰতাৰ প্ৰবক্তা হৈ আহিছে ।" তেওঁ ভাৰতীয় প্ৰতিৰক্ষা ৰপ্তানিৰ অভিলেখৰ বিষয়ে উল্লেখ কৰি কয়, "প্ৰতিৰক্ষা ৰপ্তানি ২১,০০০ কোটি টকাৰ অভিলেখ সংখ্যাত উপনীত হৈছে ।"
'দ্য ৰানৱে টু এ বিলিয়ন অপাৰছুনিটিজ'ৰ এক বিস্তাৰিত বিষয়বস্তুৰ সৈতে পাঁচদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানত বিশ্বজনীন এৰোস্পেচ কোম্পানীসমূহৰ অত্যাধুনিক সামগ্ৰীৰ লগতে ভাৰতৰ আকাশী দক্ষতা আৰু থলুৱা অত্যাধুনিক উদ্ভাৱন প্ৰদৰ্শন কৰা হ'ব বুলি বিষয়াসকলে কয় ।
'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মে'ক ইন ইণ্ডিয়া, মে'ক ফৰ দ্য ৱৰ্ল্ড'ৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত কৰা এই অনুষ্ঠানটোৱে স্বদেশীকৰণ প্ৰক্ৰিয়াক দ্ৰুতগতিত আগবঢ়াই নিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ এক মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ দ্বাৰা ২০৪৭ চনৰ ভিতৰত দেশখনক 'বিকশিত ভাৰত' কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সংকল্পক গুৰুত্ব প্ৰদান কৰা হ'ব বুলি তেওঁলোকে কয় ।
42,000 বৰ্গমিটাৰতকৈও অধিক অঞ্চলজুৰি বিস্তৃত এই অনুষ্ঠানত 150 টা বিদেশী কোম্পানীকে ধৰি 900 ৰো অধিক কোম্পানীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিব । যাৰ ফলত ই এতিয়ালৈকে সৰ্ববৃহৎ এৰো ইণ্ডিয়া হ'ব । দেওবাৰে ৰাজনাথ সিঙে প্ৰকাশ কৰে যে ৯০ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে ভাৰতৰ মহাকাশ আৰু প্ৰতিৰক্ষা সামৰ্থ্যৰ ওপৰত বিশ্বজুৰি এক বৰ্ধিত আস্থা প্ৰদৰ্শন কৰে ।
"প্ৰায় ৩০ খন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী বা প্ৰতিনিধিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছে । ৪৩ খন দেশৰ বায়ুসেনা প্ৰধান আৰু সচিবসকলৰ উপস্থিতিয়ে এই কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা সম্প্ৰদায়ৰ বাবে অনুষ্ঠানৰ তাৎপৰ্যক অধিক গুৰুত্ব আৰোপ কৰে ।" তেওঁ লগতে উল্লেখ কৰে ।