গুৱাহাটী: ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব তাকলৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ ব্যক্ত কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, "পঞ্চায়ত নিৰ্বাচনকলৈ এটা সমস্যা আহিছে । পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে । উচ্চ ন্যায়ালয়ে আজি ৰায়দান দিব বুলি আমি অপেক্ষা কৰি আছিলো । সাধাৰণতে চৰকাৰ সমূহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে । বিশেষকৈ বিধানসভা নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে ।"
HCM Dr @himantabiswa shares an update on the Panchayat election schedule #PressConference pic.twitter.com/aDcoe7C78Q
— Chief Minister Assam (@CMOfficeAssam) January 10, 2025
তেওঁ আৰু কয়, "আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উদগ্ৰীৱ হৈ বহি আছো । কিন্তু এই পৰ্যন্ত ৰায়দান অহা নাই । আজি নিশা ১২ বজালৈ ৰায়দান নাপালে আমি পঞ্চায়ত নিৰ্বাচনটো মেট্ৰিক নাইবা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছলৈকে লৈ যাব লাগিব । কাৰণ ১৪ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'ব । গতিকে দিন ঘোষণা কৰিলে এমাহ সময় লাগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ।"
"মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাজত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব । গতিকে যিসকলে সুধি আছে যে পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব তেওঁলোকৰ বাবে মোৰ উত্তৰ এইটোৱেই হ'ব । গোচৰবোৰ হৈছে কৰিমগঞ্জ জিলাৰ ১৯খন পঞ্চায়তকলৈ । বাকী অসমৰ ইয়াৰ লগত জড়িত নহয় । কৰিমগঞ্জক বাদ দি বাকীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি পোৱা হ'লে আমি পাতি দিলো হয় । আজি নিশা ১২ বজাৰ ভিতৰত ৰায়দান নাহিলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ হৈ পৰিব ।" মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷
তেওঁ লগতে কয়, "পঞ্চায়ত নিৰ্বাচন পিছুৱাবৰ বাবে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জৰ হাফিজ ৰচিদ আহমেদ চৌধুৰী । তাৰ পৰা বুজা যায় যে কংগ্ৰেছ দলৰ একাংশই সাহস কৰিব পৰা নাই বাবেই পিছুৱাই আছে । কিহৰ বাবে সাজু হ'ব পৰা নাই মই নাজানো । আমি উচ্চ ন্যায়ালয়ৰ ওপৰত মাতিব নোৱাৰো । আমি নিশা ১২ বজালৈ অপেক্ষা কৰিম । ১২ বজাৰ আগত ৰায়দান পালে হ'ব আৰু যদি নহয় তেন্তে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছলৈ পিছুৱাই যাব । তাৰ পাছতো আকৌ বানপানীৰ পৰিৱেশ হ'ব । কি হ'ব ক'ব পৰা নাযায় । আমি ১২ বজালৈ অপেক্ষা কৰি আছো ।"
লগতে পঢ়ক: ৰাজ্যৰ ২৭খন জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ