শিলচৰ : জনশ্ৰুতি মতে মহাকুম্ভৰ ত্ৰিবেণী সংগমত স্নান কৰিলে খণ্ডন হয় পাপ ৷ আনকি এই সংগমত ডুব মাৰিলে বা স্নান কৰিলে পূণ্য লাভ কৰে বুলিও লোকবিশ্বাস আছে ৷ সেয়ে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আহি বহু লোকে এই সংগমস্থলীত এবাৰ স্নান কৰিবলৈ হেতা-ওপৰা কৰে ৷
বিশ্বৰ অন্যপ্ৰান্তৰ লেখীয়াকৈ 12 বছৰৰ মূৰত এইবাৰ অনুষ্ঠিত হোৱা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ গৈছিল অসমৰ সুৰজিৎ ৰায় ৷ 6 ফেব্ৰুৱাৰীৰ দিনা কেবাজনো বন্ধুৰ সহিতে শিলচৰৰ যুৱক সুৰজিৎ ৰায় প্ৰয়াগৰাজলৈ ৰওনা হয় । 8 ফেব্ৰুৱাৰীৰ দিনা মহাকুম্ভত উপস্থিত হৈ ত্ৰিবেণী সংগমত স্নানো কৰে সুৰজিতে । ইমানখিনিলৈ সকলো ঠিকেই আছিল ৷
কিন্তু উক্ত দিনা আবেলি ত্ৰিবেণী সংগমত স্নান কৰি উভতি অহাৰ সময়তে হঠাৎ নিখোঁজ হৈ পৰে সুৰজিৎ । বহু বিচৰাৰ পাছতো সুৰিজিতৰ বন্ধুকেইজনে তেওঁৰ কোনো সন্ধান নাপালে ৷ তাৰ পাছতে তেওঁলোকে এই কথা সুৰিজিতৰ পত্নী চামেলী ৰায়ক অৱগত কৰে ৷ স্বামী সন্ধানহীন হোৱাৰ বিষয়ে জানিব পাৰি চিন্তিত হৈ পৰে চামেলী ৰায় ৷
চামেলী ৰায়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, ‘‘6 ফেব্ৰুৱাৰীৰ দিনা কেবাজনো বন্ধুৰ লগত সুৰজিৎ মহাকুম্ভলৈ গৈছিল ৷ 8 ফেব্ৰুৱাৰীত সুৰজিতৰ লগত মোৰ শেষ কথা হৈছিল । তাৰ পাছৰে পৰা তেওঁৰ ফোনটোৰ ছুইচ অফ হৈ আছে । তেওঁৰ বন্ধুবৰ্গই মোক জনোৱা মতে মেলাৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰিছে সুৰজিৎ ৷ তেওঁলোকে বহু বিচাৰিছে যদিও সুৰজিতৰ কোনো সন্ধান পোৱা নাই ।’’
ইপিনে এই ঘটনাক লৈ শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীত সুৰজিতৰ পত্নী চামেলী ৰায়ে এক গোচৰ দাখিল কৰিছে । লগতে কোনো লোকে যদি সুৰজিতৰ কোনো খবৰ লাভ কৰে, তেন্তে 917086488054 নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমযোগে সকলোকে আহ্বান জনায় ৷
লগতে পঢ়ক : তিনিচুকীয়া-বিশ্বনাথৰ তিনি মহিলা নিখোজ মহাকুম্ভত |