ETV Bharat / state

এডভান্টেজ আছাম ২.০ৰ লগতে ৮ হাজাৰ ঝুমুৰ নৃত্যশিল্পীয়ে গঢ়িব বিশ্ব অভিলেখ : বিমল বড়া - MEGA JHUMUR

সৰুসজাইত ‘‘ঝুমুৰ বিনন্দিনী’’ৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বড়াই ৷ ঝুমুৰ নৃত্য বা শিল্পীসকলৰ সন্দৰ্ভত তেওঁ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Assam to set world record with Jhumur dancers
ঝুমুৰ বিনন্দিনীৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বড়াই (@BimalBorah119)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 1:58 PM IST

গুৱাহাটী : বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যই স্থাপন কৰিব বিশ্ব অভিলেখ । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত এইবাৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে । অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীৰ সৰুসজাই ক্ৰিয়া প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত অনুষ্ঠানৰ পূৰ্বে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ সদৰত অনুষ্ঠিত হৈ আছে ‘‘ঝুমুৰ বিনন্দিনী’’ৰ মাণ্ডলিক পৰ্যায়ৰ পৰিৱেশন ।

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ যাৰ বাবে এতিয়া সজাই পৰাই তুলিবলৈ তীব্ৰ গতিত কাম কাজ কৰি থকা হৈছে ।

ঝুমুৰ বিনন্দিনীৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বড়াই (ETV Bharat)

সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ‘‘ঝুমুৰ বিনন্দিনী’’ৰ অনুষ্ঠানস্থলী বৃহস্পতিবাৰে পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বড়াই । অনুষ্ঠানস্থলী পৰিদৰ্শনৰ পিছত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

  • ‘‘ঝুমুৰ বিনন্দিনী’’ৰ সন্দৰ্ভত মন্ত্ৰী বিমল বড়াই কয় -

‘‘মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এই অনুষ্ঠান সফল হ’ব । ২৫-২৬ ফেব্ৰুৱাৰীত বিশ্ব বাণিজ্য সন্মিলনত লগত সংগতি ৰাখি এই কাৰ্যসূচী ৰখা হৈছে । ২০০ বছৰ পুৰণি চাহ শিল্পক বিশ্বক জনোৱাৰ প্ৰয়াস কৰা হৈছে । সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে । জ’ন অনুসৰি অনুশীলন কৰি থকা হৈছে । অহা ২০ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব ঝুমুৰ শিল্পীসকল । ২১-২২ ফেব্ৰুৱাৰীত সৰুসজাইত অনুশীলন কৰিব । ২৩ ফেব্ৰুৱাৰীত চূড়ান্ত অনুশীলন কৰা হ’ব । দুপৰীয়া আহাৰ, নিশা আহাৰ আৰু ব্ৰেকফাষ্টৰ ব্যৱস্থা সৰুসজাই ষ্টেডিয়ামতে কৰা হ’ব । নিশা থকাৰ বাবে গুৱাহাটীত হোটেলৰ ব্যৱস্থা কৰা হৈছে ।’’

লগতে পঢ়ক : ঝুমইৰ বিনন্দিনী-২০২৫: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু চৰকাৰ

লগতে পঢ়ক : ড৹ সংগীতা কাকতিৰ কণ্ঠত দুটি আদিবাসী ঝুমুৰ গীত

  • এডভান্টেজ আছাম ২.০ ক লৈ মন্ত্ৰী বিমল বড়াই মন্তব্য কৰে -

‘‘সকলো প্ৰস্তুতি চলি আছে । নতুন উদ্যোগীসকলক গুৰুত্ব দিয়া হ'ব । MSME ৰ লগতো বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ব । কেন্দ্ৰীয় চৰকাৰে ১ লাখ কোটি টকাৰো অধিক ঋণ দিছে MSME ক । আত্মসহায়ক গোটকো সামৰি লোৱা হ’ব এডভান্টেজ আছাম ২.০ ত ।’’

  • জনতা ভৱনৰ অনলাইন কাম কাজ স্থবিৰ হোৱা সন্দৰ্ভত মন্ত্ৰী বড়াই কয় -

‘‘অনলাইন কাম-কাজ স্থবিৰ হ’লেও ফিজিকেল ফাইলৰ কাম কতো ৰোৱা নাই । ফাইল যি গতিত আগবাঢ়িব লাগে সেই গতিত আগবাঢ়ি আছে । কিছু কাৰিকৰী বিজুতি চলি আছে । চিচটেম (System) হেক হোৱাৰ কোনো প্ৰশ্নই নাহে । এয়া অসম্ভৱ ।’’

লগতে পঢ়ক : বিশ্ব ৰেকৰ্ডৰ অংশীদাৰ হ'বলৈ সাজু অখ্যাত বাগিচাৰ এগৰাকী যুৱতী

লগতে পঢ়ক : এডভাণ্টেজ আছাম ২.০ : ছিংগাপুৰত দুদিন ধৰি মুখ্যমন্ত্রীৰ জোৰদাৰ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.