ETV Bharat / business

অনলাইন লেনদেনত বাধা এছ বি আইৰ: কি হ’ব এতিয়া ? - UPI LIMIT

UPI ব্যৱহাৰকাৰীৰ বাবে এটা বেয়া খবৰ ! এতিয়াৰে পৰা যেতিয়াই-তেতিয়াই কৰিব নোৱাৰিব অনলাইৰ জৰিয়তে টকা-পইচাৰ লেনদেন ৷ পঢ়ক এই প্ৰতিবেদন ৷

Know how to increase UPI limit in seconds for UPI holders
এদিনত মাত্ৰ ১০বাৰহে কৰিব পাৰিব UPIৰ জৰিয়তে লেনদেন (Getty Image)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 1:24 PM IST

নতুন দিল্লী : আজিকালি সকলোৱে অনলাইৰ জৰিয়তে টকা-পইচাৰ লেনদেন কৰে ৷ ইয়াৰ ব্যতিক্ৰম আপুনি বা ময়ো নহয় ৷ ১০০ জনৰ ভিতৰত প্ৰায় ৯০ জন ব্যক্তিয়েই অনলাইন পদ্ধতিৰে টকা-পইচাৰ লেনদেনক বেছি প্ৰাধান্য দিয়ে ৷

বিশ্বৰ ভিন্ন প্ৰান্ততকৈ বিশেষকৈ ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে UPI ৰ জৰিয়তে নগদবিহীন লেনদেনৰ জনপ্ৰিয়তা । মানুহে নিজৰ সৰু-বৰ প্ৰয়োজন পূৰণৰ বাবে ডিজিটেল পেমেণ্টক পছন্দ কৰে । UPI ৰ লেনদেনৰ ফলত কেৱল নগদ ধনৰ প্ৰাধান্যই কমি যোৱা নাই, ইয়াৰ ফলত ATM কাৰ্ডৰ ব্যৱহাৰো যথেষ্ট কমি আহিছে ।

কিন্তু কেতিয়াবা আপুনি ভাবিছেনে ডিজিটেল পেমেণ্টৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হোৱাৰ ফলতো কেতিয়াবা আৰ্থিক ভাৰসাম্যহীনতাৰ সৃষ্টি হ’ব পাৰে । এই কথা মনত ৰাখি ভাৰতীয় ষ্টেট বেংকে(SBI) UPI ৰ সীমা নিৰ্ধাৰণ কৰিছে, যাতে গ্ৰাহকে অপ্ৰয়োজনীয় খৰচৰ পৰা হাত সাৰিব পাৰে ।

শেহতীয়াকৈ SBI-এ গ্ৰাহকৰ বাবে প্ৰতিদিনে ১০টা UPI লেনদেনৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰিছে । অৱশ্যে আপোনাৰ প্ৰয়োজন অনুসৰি এই সীমা পৰিচালনা কৰিব পাৰিব । SBI ত UPI লেনদেনৰ সীমা কেনেকৈ সলনি কৰিব লাগে জানি লওক -

  • SBI ৰ UPI লেনদেনৰ সীমা কি ?

ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকৰ বাবে প্ৰতি লেনদেনত UPI ৰ সীমা ১,০০,০০০ টকা নিৰ্ধাৰণ কৰিছে । এইটো সকলো UPI এপৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব । অৰ্থাৎ আপুনি নিজৰ SBI একাউণ্টৰ পৰা এটা সময়ত যিকোনো ব্যক্তিলৈ মাত্ৰ ১,০০,০০০ টকা পৰ্যন্ত পঠিয়াব পাৰিব ।

ইয়াৰ বাহিৰেও বেংকে গ্ৰাহকক প্ৰতিদিনে ১০টাতকৈ অধিক UPIৰ জৰিয়তে লেনদেন কৰাত বাধা প্ৰদান কৰিব ৷ অৱশ্যে মাহেকীয়া বা বছৰেকীয়া UPI লেনদেনৰ কোনো সীমা নিৰ্ধাৰণ কৰা নাই SBI-এ ।

  • UPI লেনদেনৰ সীমা কেনেকৈ সলনি কৰিব পাৰি

যদি আপুনি আপোনাৰ SBI একাউণ্টত UPI সীমা কাষ্টমাইজ কৰিব বিচাৰে তেন্তে আপুনি ইয়াক SBI YONO এপৰ জৰিয়তে পৰিচালনা কৰিব পাৰে ।

  • SBI ৰ UPI লেনদেনৰ সীমা সলনি কৰাৰ উপায়-
  1. SBI নেট বেংকিং বা YONO এপত লগ ইন কৰক
  2. UPI Transfer বিকল্পত ক্লিক কৰক
  3. UPI লেনদেন সীমা নিৰ্ধাৰণ কৰক
  4. আপোনাৰ ইণ্টাৰনেট বেংকিং পাছৱৰ্ড দিয়ক
  5. বৰ্তমানৰ UPI সীমা চোৱাৰ পিছত নতুন সীমা অন্তৰ্ভূক্ত কৰক
  6. যদি বৰ্তমানৰ সীমা ১,০০,০০০ টকা হয়, তেন্তে ইয়াক বৃদ্ধি কৰিব নোৱাৰি, কিন্তু হ্ৰাস কৰিব পাৰি
  7. নতুন সীমাত গৈ 'Submit'ত ক্লিক কৰক
  8. OTP পৰীক্ষণৰ পিছত নতুন সীমা নিৰ্ধাৰণ কৰা হ’ব
লগতে পঢ়ক : কৰদাতাসকলৰ বাবে জৰুৰী বাৰ্তা; ফেব্ৰুৱাৰী মাহতে কৰি লওক এইবোৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.