তেজপুৰ : বৰফৰ শুভ্ৰ আচ্ছাদনৰ মাজত এতিয়া পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং চহৰখন ৷ আকৰ্ষণীয় হৈ পৰিছে এই পৰ্যটনস্থলী ৷ বিগত পাঁচদিন ধৰি সঘনাই প্ৰচণ্ড তুষাৰপাতৰ লগতে হৈছে বৰফৰ বৰষুণো । ইয়াৰে সমান্তৰালকৈ দাঁতিকাষৰীয়া লুংলা, জেমীথাং, বুমলা পাছ, চাংগেষ্টৰ লেক (মাধুৰী লেক) আৰু বুমজা অঞ্চলতো প্ৰচণ্ড তুষাৰপাত হোৱা পৰিলক্ষিত হৈছে ।
অৱশ্যে বৰফৰ এই আমেজ ল’বলৈ অৰুণাচল প্ৰদেশৰ বহু কেইটা অঞ্চলত পৰ্যটকেও ভিৰ কৰা দেখা গৈছে ৷ কিন্তু মাত্ৰাধিক তুষাৰপাত হোৱাৰ বাবে টাৱাং জিলা সদৰত যান-বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে । ফলত অসমৰ পৰা যোৱা কেবাখনো পৰ্যটকৰ বাহন টাৱাং চহৰত আবদ্ধ হৈ পৰিছে । গাড়ীত চেইন বা শিকলি লগাই বাহনসমূহ নিৰাপদ স্থানলৈ নিয়াৰ বাবে ব্যৱস্থা কৰা দেখা গৈছে ।
প্ৰচণ্ড তুষাৰপাতৰ বাবে টাৱাং চহৰত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন । এই সম্পৰ্কে যেতিয়া সবিশেষ জানিব বিচৰাত টাৱাং জিলা তথ্য আৰু জনসংযোগ বিষয়া নৱাং চোতাই ইটিভি ভাৰতৰ আগত জনাইছিল, "আজি (বৃহস্পতিবাৰে) পুৱাৰ ভিতৰত বুমলা অঞ্চলত প্ৰায় ৯০ ছেন্টিমিটাৰলৈকে বৰফ আছিল ৷ সন্ধিয়ালৈ ই আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ তুষাৰপাত ক্ৰমান্বয়ে বাঢ়ি আছে । জিলা দুৰ্যোগ প্ৰশমন বিভাগে পৰিস্থিতি চাই-বুজি যান-বাহনৰ উদ্ধাৰৰ কাম কৰি আছে ।’’
![Snow covers Tawang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-02-2025/as-tezpur-01-13feb-vispix-snowfall-pranabkumardas-7203907_13022025155020_1302f_1739442020_819.jpg)
তেওঁ লগতে জানিবলৈ দিয়ে, ‘‘জিলাখনত ১১ ফেব্ৰুৱাৰীৰ পৰা অতিমাত্ৰা তুষাৰপাত হৈছে । আনহাতে সীমান্ত পথ নিৰ্মাণ সংস্থাৰ বনুৱাই বিভিন্ন অত্যাধুনিক সজুঁলিৰে পথৰ পৰা বৰফ নিষ্কাষণ কৰি আছে । প্ৰচণ্ড শীতৰ মাজতে বনুৱাই সকলো জৰুৰী পথসমূহ মুকলি কৰিছে যদিও পুনৰ বৰফে সেই স্থানবোৰ ঢাকি ধৰিছে ।’’
সীমান্ত পথ নিৰ্মাণ সংস্থাৰ এজন বনুৱা প্ৰেম থিনিয়ে কয়, ‘‘টাৱাঙৰ তুষাৰপাত বা বৰফ কোনো নতুন কথা নহয় যদিও কেতিয়াবা ইয়াৰ পৰিমাণ যথেষ্ট কম আৰু কেতিয়াবা অত্যধিক হৈ পৰে । বিগত চাৰি-পাঁচদিন টাৱাঙত সূৰ্যৰ পোহৰ পৰা নাই বুলিয়েই ক’ব পাৰি ৷’’
![Tawang town under thick blanket of snow](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-02-2025/as-tezpur-01-13feb-vispix-snowfall-pranabkumardas-7203907_13022025155020_1302f_1739442020_855.jpg)
লগতে পঢ়ক : টাৱাঙত প্ৰচণ্ড তুষাৰপাত, শীতৰ আমেজ লৈছে পৰ্যটকে |
জনসংযোগ বিষয়া নৱাং চোতাই কয়, "বহু ঠাইত অতিমাত্ৰা বৰফ পৰাৰ ফলত গছ-গছনি বাগৰি পৰিছে ৷ আনকি বিদ্যুৎ আৰু যোগাযোগ লাইনত ডাঠ বৰফ জমা হৈছে ৷ ফলত কিছু অঞ্চলৰ সৈতে যোগাযোগ স্থাপন কৰাত ব্যাঘাত জন্মিছে । অৱশ্যে বেছিভাগ দোকান-পোহাৰ খোলা আছে ৷ তথাপিও খুব কম সংখ্যক স্থানীয় লোকক কেৱল দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীহে ক্ৰয় কৰিবলৈ ওলাই অহা দেখা গৈছে ৷’’
জনসংযোগ বিষয়াগৰাকীয়ে আৰু কয়, ‘‘শিক্ষানুষ্ঠানতো শিক্ষাৰ্থীৰ উপস্থিতি যথেষ্ট হ্ৰাস পাইছে ৷ কাৰণ কোনো ধৰণৰ যান-বাহন চলাচল কৰি থকা নাই আৰু বৰফৰ ওপৰত খোজ কঢ়াটো বিশেষকৈ শিশুৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।’’
![Tawang town under thick blanket of snow](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-02-2025/as-tezpur-01-13feb-vispix-snowfall-pranabkumardas-7203907_13022025155020_1302f_1739442020_984.jpg)
‘‘কঠিন পৰিস্থিতিৰ মাজতো বিভিন্ন বিভাগ যেনে - বৈদ্যুতিক বিভাগ, জনস্বাস্থ্য অভিযান্ত্ৰিকীকৰণ, সীমান্ত পথ সংস্থা (বি আৰ অ’), লোক নিৰ্মাণ বিভাগ (পি ডব্লিউ ডি), আৰু গ্ৰামীণ নিৰ্মাণ বিভাগ (আৰ ডব্লিউ ডি) আদিয়ে অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰুদ্ধাৰ আৰু ৰক্ষণাৱেক্ষণৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে । ছেলা আৰু যশৱন্তগড় অঞ্চলত আবদ্ধ পৰ্যটক বা সেই অঞ্চলত থকা লোকসকলক আৰক্ষী আৰু সেনা জোৱানে সক্ৰিয়ভাৱে সহায় কৰি আছে ।’’ তেওঁ কয় ৷
‘‘শেহতীয়া বতৰৰ পূৰ্বাভাস অনুসৰি, অৰুণাচল প্ৰদেশৰ বহুকেইটা অঞ্চলত আগন্তুক কেইদিনমানলৈকে তুষাৰপাতকে ধৰি প্ৰতিকূল বতৰৰ পৰিস্থিতি একেই থাকিব পাৰে । বৰ্তমান টাৱাঙৰ তাপমাত্ৰা -৫℃ ডিগ্ৰী লৈ হ্ৰাস পাইছে ৷ এই পৰিস্থিতি অব্যাহত থাকিলে স্বাভাৱিক জীৱনত আৰু অধিক ব্যাঘাত জন্মিব পাৰে । কিন্তু এতিয়ালৈকে তুষাৰপাতৰ ফলত বিশেষ ক্ষতি বা দুৰ্ঘটনা হোৱাৰ কোনো খবৰ পোৱা নাই ৷’’ জনসংযোগ বিষয়াগৰাকীয়ে কয় ৷
![Tawang town under thick blanket of snow](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-02-2025/as-tezpur-01-13feb-vispix-snowfall-pranabkumardas-7203907_13022025155020_1302f_1739442020_104.jpg)
জিলা প্ৰশাসনে স্থানীয় বাসিন্দাসকলক সাৱধানতা অৱলম্বন কৰাৰ লগতে অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলিবলৈ আৰু চৰকাৰী পৰামৰ্শ বা নিৰ্দেশসমূহ মানি চলিবলৈ আহ্বান জনাইছে । জিলা প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলোপ্ৰকাৰে দায়বদ্ধ হৈ আছে বুলিও জনসংযোগ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷