ETV Bharat / state

লক্ষ্য হেট্ৰিক: ২০২৬ ৰ দৌৰত থকাটো বিজেপিৰ মন্ত্রী-বিধায়কৰ বাবেও অগ্নিপৰীক্ষা - ASSAM ASSEMBLY ELECTIONS 2026

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিশেষ ৰণকৌশল গ্ৰহণ কৰিছে বিজেপিয়ে ।

Assam Assembly Elections 2026
বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ ৰণনীতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 2:19 PM IST

গুৱাহাটী : তৃতীয় বাৰৰ বাবে শাসনৰ বাঘজৰী লোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । মাজত এবছৰ সময় আছে । তাৰ পূৰ্বেই পৰিকল্পিতভাৱে আগবাঢ়িছে বিজেপি ।

  • বিজেপিৰ প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া

২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে উপযুক্ত তথা যোগ্য প্ৰাৰ্থী বাচনি কৰাৰ বাবে শাসকীয় দলটোৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এইবাৰ বিজেপিৰ প্রার্থিত্ব প্ৰত্যাশীসকলে অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । সহজতে কোনেও লাভ নকৰিব টিকট ।

Assam Assembly Elections 2026
বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ ৰণনীতি (ETV Bharat)

আনকি মন্ত্রী, বিধায়ক সকলেও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । মুঠতে অত্যন্ত সুক্ষ্ম পৰ্যবেক্ষণৰ মাজেৰে বিজেপিয়ে এইবাৰ প্ৰাৰ্থী বাচনি কৰাৰ বাবে সাজু হৈছে । ইয়াৰ বাবে শাসকীয় দলটোৱে গোপনে অনুষ্ঠিত কৰিব পৰীক্ষা আৰু এই পৰীক্ষাত সফল হোৱাসকলেহে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিব ।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত ইতিমধ্যে ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে । নাম প্ৰকাশৰ পৰা বিৰত থকা ৰাজ্যিক বিজেপিৰ এগৰাকী উপ-সভাপতি পৰ্যায়ৰ শীৰ্ষ নেতাই এই কথা জানিবলৈ দিয়ে । নেতাগৰাকীয়ে প্ৰকাশ কৰা মতে এই পৰীক্ষা হৈছে নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো সমষ্টিতে গোপনে চলাবলগীয়া সমীক্ষা । চলিত বৰ্ষত এনে তিনিটা সমীক্ষা আৰু বিধানসভা নিৰ্বাচনৰ ৩ মাহৰ পূৰ্বে অন্তিমটো সমীক্ষা অনুষ্ঠিত হ'ব । এই সমীক্ষা অনুসৰিহে দলটোৱে প্রার্থিত্ব প্ৰদান কৰিব ।

নেতাগৰাকীয়ে জনোৱা মতে যিমান ডাঙৰেই নেতা নহওক কিয় সমীক্ষাৰ ফলাফল সপক্ষে নগ'লে তেওঁক প্রার্থিত্ব প্ৰদান কৰা নহয় । তৃতীয়বাৰৰ বাবে অসমত শাসনলৈ অহাৰ স্বাৰ্থতে প্রার্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বিজেপিয়ে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি নেতাগৰাকীয়ে জানিবলৈ দিয়ে ।

  • ৪ টা সমীক্ষা চলোৱা হ'ব

নেতাগৰাকীয়ে লগতে কয়, "প্রার্থিত্ব প্ৰদানৰ ক্ষেত্ৰত যি চাৰিটা সমীক্ষা চলোৱা হ'ব, ইয়াৰে এটা সমীক্ষা আৰ এছ এছে নিজাববীয়াকৈ চলাব । আনহাতে এটা সমীক্ষা বিজেপিয়ে আৰু আন দুটা সমীক্ষা ব্যক্তিগত সংস্থাৰ দ্বাৰা চলোৱা হ'ব । চলিত বৰ্ষত তিনিটা সমীক্ষা চলোৱাৰ অন্তত অন্তিমটো সমীক্ষা অহা বছৰৰ জানুৱাৰী মাহত অর্থাৎ নির্বাচনৰ আগে আগে অনুষ্ঠিত হ'ব । অসমত কিদৰে তৃতীয় বাৰৰ বাবে চৰকাৰ কৰিব পৰা যায় তাৰ বাবে এতিয়াৰে পৰাই গেৰুৱা দলটোৱে ৰণ কৌশল প্ৰস্তুত কৰি উলিয়াইছে । কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে প্ৰতিজন মন্ত্ৰী, বিধায়কৰ লগতে দলীয় নেতাক গাঁৱলৈ গৈ কাম কৰাৰ বাবে নির্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনকি অহা অক্টোবৰ মাহৰ ভিতৰত নিজ নিজ সমষ্টিত সকলো চৰকাৰী আঁচনি ৰূপায়ণৰ কাম সমাপ্ত কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে মন্ত্ৰী-বিধায়কসকলক নির্দেশ দিছে । প্ৰতিজন যোগ্য হিতাধিকাৰীয়ে যাতে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈকো কোৱা হৈছে ।"

  • সমীক্ষাৰ ফলাফল চাই প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব

এনে পৰিস্থিতিত অক্টোবৰৰ পাছৰে পৰাই ৰাজ্যখনত এক নির্বাচনকেন্দ্ৰিক পৰিৱেশ সূচনা হোৱাৰ সম্ভাৱনা আছে । অক্টোবৰ মাহৰ পাছতেই দলটোৱে প্ৰস্তুত কৰিব প্ৰতিটো সমষ্টিৰে প্ৰাৰ্থীৰ পেনেলো । এই প্ৰাৰ্থীৰ পেনেলৰ পৰাই সমীক্ষাৰ ফলাফল অনুসৰি দলীয় প্রার্থিত্ব প্ৰদান কৰা হ'ব । লক্ষণীয় বিষয় যে বিগত লোকসভা নিৰ্বাচনৰ সময়তো গেৰুৱা দলটোৱে নিজাকৈ চাৰিটা সমীক্ষা চলাইছিল ।

তদুপৰি আৰ এছ এছেও নিজাকৈ এটা সমীক্ষা চলাইছিল । উক্ত সমীক্ষাৰ ভিত্তিতহে প্রার্থিত্ব দিয়া হৈছিল । আনকি সমীক্ষাৰ ফলাফল অনুকূল নোহোৱাৰ বাবেই কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছতো ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক, ডিফুৰ সাংসদ হৰেণ সিং বে আৰু গুৱাহাটীৰ সাংসদ কুইন ওজাক প্রার্থিত্ব প্ৰদান কৰা হোৱা নাছিল ।

আনহাতে ২০১৯ৰ লোকসভা নিৰ্বাচনতো ৭ গৰাকী সাংসদ থকা দলটোৱে ৫ গৰাকী সাংসদকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বঞ্চিত কৰিছিল । সেইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত হৈছিল বিজয়া চক্ৰৱৰ্তী, ৰাজেন গোহাঁই, ৰমেন ডেকা, আৰ পি শৰ্মা আৰু কামাখ্যা প্ৰসাদ তাছা । তেনেস্থলত ২০২৬ৰ বিধানসভা নিৰ্বাচনতো প্ৰাৰ্থী বাচনি সমীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিব ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাক প্রার্থিত্ব প্ৰদান কৰিব তাক লৈ দলটোৱে চলাবলগীয়া সমীক্ষাৰ ওপৰতে এতিয়া গেৰুৱা দলটোৰ মন্ত্ৰী, বিধায়ককে ধৰি প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাসকলৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে ।

লগতে পঢ়ক :'তাৰিখ পে তাৰিখ'; ১৮ মাৰ্চক লৈ মুখ্যমন্ত্ৰীক ভূপেন বৰাৰ সকীয়নি - ASSAM PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.