ETV Bharat / state

অসমৰ ক’ত মাতৃ-শিশুৰ মৃত্যুৰ হাৰ সৰ্বাধিক : ক’লে স্বাস্থ্যমন্ত্ৰীয়ে - ASHOK SINGHAL ON MORTALITY RATE

ৰাজ্য়ত মৃত্যুৰ হাৰ সৰ্বাধিক হোৱা জিলাসমূহত কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত ৷ ১৮ বছৰলৈকে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ ।

Ashok Singhal discuss on functioning of health department in 4 districts of upper Assam
স্বাস্থ্যমন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2025, 10:57 PM IST

মৰাণ : ডিব্ৰুগড় জিলা আযুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে । এই পৰ্যালোচনা সভাত প্ৰতিখন জিলাৰ স্বাস্থ্য আঁচনিসমূহৰ ৰূপায়ণ তথা অগ্ৰগতি বুজ লোৱাৰ লগতে জিলাকেইখনৰ স্বাস্থ্য সেৱাৰ আন্তঃগাথঁনিৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

উজনিত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ সৰ্বাধিক:

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজ বুজ লৈ সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কয়, "সন্তান জন্ম দিয়াৰ সময়ত মাতৃ আৰু জন্ম হোৱাৰ এবছৰৰ ভিতৰৰ শিশুৰ মৃত্যুৰ হাৰ উজনি অসমৰ জিলাসমূহত সৰ্বাধিক হৈছে । ধুবুৰী, গোৱালপাৰাতকৈ বেছি হৈছে । সেইটো কেনেকৈ কমাব পাৰি সেই সম্পৰ্কত আলোচনা কৰা হয় । এই মৃত্যুৰ হাৰ সৰ্বাধিক হোৱা জিলাসমূহত কিছু কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"

স্বাস্থ্যমন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

১৮ বছৰ বয়সলৈকে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা :

ৰোগ নিয়ন্ত্ৰণৰ বাবে নতুন পদক্ষেপ লোৱাৰ কথা সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয়, "১৮ বছৰলৈকে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে । ৩০-৩২টা জটিল স্বাস্থ্য শিতানৰ এই পৰীক্ষাসমূহ ছাত্ৰ-ছাত্ৰীক কৰা হ'ব । প্ৰাৰম্ভিক সময়ত যাতে ৰোগ চিনাক্ত কৰিব পাৰি তাৰ চিকিৎসা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"

উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি:

উজনি অসমৰ জিলা সমূহৰ লগতে সমগ্ৰ অসমতে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগীৰ সংখ্যা বৃদ্ধি হোৱাটো এক উদ্বেগজনক খবৰ । সেয়ে ৰাজ্যত থকা ৫০০০ৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ জৰিয়তে ৰাইজক সেৱা প্ৰদানৰ ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰা হৈছে ।" তেওঁ লগতে ৰাইজক নিজৰ স্বাস্থ্যক লৈ সজাগ সচেতন হ'বলৈ আহ্বান জনায় ।

এইচ এম পি ভিক লৈ অসমৰ স্বাস্থ্য বিভাগ সাজু:

দেশৰ বিভিন্ন ঠাইত এইচ এম পি ভি নামৰ নতুন ভাইৰাছে দেখা দিছে । এই সম্পৰ্কত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, "ক'ভিডৰ সময়ত চিকিৎসক,স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মীসকলে যি ধৰণে সেৱা আগবঢ়ালে ইয়াৰ বাবেও আমি সাজু আছো । ই কোনো নতুন ভাইৰাছ নহয় । কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা পৰামৰ্শৰ লগত সংগতি ৰাখি প্ৰয়োজনীয় ব্যৱস্থা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু ।"

শিশু, মহিলাৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ লগতে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে কেনেদৰে কাম আগবঢ়াব মন্ত্ৰীগৰাকীয়ে তাৰো পৰিকল্পনা কৰে স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে । এই পৰ্যালোচনা সভাত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে চাবুৱা সমষ্টিৰ বিধায়ক ‌পোণাকণ বৰুৱা, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড৹ পি অশোক বাবু, ডিব্ৰুগড়ৰ আয়ুক্ত বিক্ৰম কৈৰী, তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল, চৰাইদেউৰ আয়ুক্ত ডাঃ নেহা যাদৱকে ধৰি ৰাজ্যিক স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে জিলা কেইখনৰ স্বাস্থ্য বিষয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক:HMPV ৰ লক্ষণ আৰু প্ৰতিৰোধ ব্যৱস্থা কি ? জানি লওক কেইটামান কথা - HMPV IN INDIA

অসম চিকিৎসা মহাবিদ্যালয়লৈ ৩০০ কোটিৰ প্ৰকল্প ঘোষণা মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - ASSAM MEDICAL COLLEGE HOSPITAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.