ETV Bharat / state

এপাক আপুনিও আহক মাগুৰমাৰী-ঘটাহোলা বিলৰ পাৰলৈ... - MIGRATORY BIRDS IN MAJULI

জাক-জাক জাৰখোৱা পক্ষীয়ে বিনন্দীয়া কৰিছে মাজুলী ৷ মাজুলীৰ নিৰিবিলি পৰিবেশত এতিয়া দেখিবলৈ পোৱা গৈছে শীতৰ বতৰত আগমন ঘটা বিদেশী পক্ষীৰ বিচৰণ ।

Migratory Birds in Assam
জাক-জাক জাৰখোৱা পক্ষীয়ে বিনন্দীয়া কৰিছে মাজুলী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 3:22 PM IST

মাজুলী : নদীদ্বীপ মাজুলীত প্ৰকৃতিয়ে লৈছে এক অনন্য ৰূপ । এতিয়া শুকাবলৈ ধৰিছে মাজুলীৰ জলাশয় । এই সময়তেই ইয়াৰ জলাশয়বোৰলৈ আগমন ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ । খাল, বিল, জলাশয়বোৰত পুৱা-গধূলি পক্ষীৰ কাকলিত মুখৰিত হৈছে মাজুলীৰ আকাশ-বতাহ । ভিন্নৰঙী পৰিভ্ৰমী চৰাই প্ৰত্যক্ষ কৰিবলৈ পৰ্যটকৰ আগমন হৈছে এই স্থানবোৰলৈ ।

মহাবাহুৰ বিশাল বুকুৰে আৱৰি থকা জৈৱ বৈচিত্ৰৰ বিশাল সমাহাৰৰ ক্ষেত্ৰ মাজুলী । খাল, বিল, জলাশয় আদিৰ সমাহাৰেৰে গঠিত মাজুলীৰ প্ৰাকৃতিক পৰিৱেশ বিশ্বৰ অন্য বহু প্ৰান্তৰ তুলনাত একক আৰু অনন্য । মাজুলীৰ এই নিৰিবিলি পৰিবেশত এতিয়া দেখিবলৈ পোৱা গৈছে শীতৰ বতৰত আগমন ঘটা বিদেশী পক্ষীৰ বিচৰণ ।

জাক-জাক জাৰখোৱা পক্ষীয়ে বিনন্দীয়া কৰিছে মাজুলী (ETV Bharat Assam)

মাজুলীৰ জলাশয়, চৰ-চাপৰিৰ ঘাহনিত বিভিন্ন বিদেশী পক্ষীৰ আগমন হয় শীতৰ সময়ত । সেয়ে এই সময়ছোৱাত দেশী-বিদেশী পৰ্যটকে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ ভিৰ কৰে ৷ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সমীপৰ মাগুৰমাৰী, ঘটাহোলা আদি বিলৰ পাৰত দেখা গৈছে পক্ষীৰ এই নান্দনিক দৃশ্য ।

Migratory Birds in Assam
জাক-জাক জাৰখোৱা পক্ষীয়ে বিনন্দীয়া কৰিছে মাজুলী (ETV Bharat Assam)

ৰাজহাঁহ-চাকৈ চকোৱা পক্ষী :

ডিচেম্বৰৰ পৰা মাৰ্চলৈকে আলহী পক্ষী দেখা যায় বিল কেইখনত । বিশেষকৈ ৰাজহাঁহ আৰু চাকৈ চকোৱা পক্ষীৰো বিল কেইখনলৈ আগমন ঘটে । পুৱাৰে পৰা সন্ধিয়ালৈকে আলহী পক্ষীৰ নান্দনিক দৃশ্য প্ৰত্য়ক্ষ কৰি এগৰাকী স্থানীয় ব্য়ক্তিয়ে সাংবাদিকৰ আগত কয়, "ইয়াত তিনিখন ৰাজহ বিল আছে । এই বিলকেইখনত আগৰ তুলনাত এইবাৰ আলহী পক্ষীৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াত ডিচেম্বৰৰ পৰা মাৰ্চলৈকে আলহী পক্ষীৰ আগমন ঘটে । বিশেষকৈ ৰাজহাঁহ আৰু চাকৈ চকোৱা চৰাই আহে ।"

তেওঁ পুনৰ কয়, "পোহৰ হওঁ-নহওঁ অৱস্থাতেই অহা পক্ষীবোৰ সন্ধিয়ালৈকে থাকে । তাৰ পিছত নিৰ্দিষ্ট ঠাইলৈ গুচি যায় । পক্ষীৰ এই নান্দনিক দৃশ্য চাবৰ বাবে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰেহি বিলকেইখনত । এই পক্ষীসমূহৰ অনিষ্ট নহ'বৰ বাবে বন বিভাগৰ ফালৰ পৰা পহৰাৰ ব্যৱস্থা কৰা হৈছে ।"

লগতে পঢ়ক:লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত বৃদ্ধি পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা - MIGRATORY BIRD NUMBERS INCREASE

হ্ৰাস পাইছে দীপৰ বিলৰ পৰিভ্ৰমী চৰাইৰ সংখ্যা, ৰামছাৰ স্বীকৃতি বাতিলৰ আশংকা - MIGRATORY BIRDS AT DEEPOR BEEL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.