ETV Bharat / bharat

সীমান্ত সুৰক্ষা সন্দৰ্ভত ইটানগৰত অৱসৰপ্ৰাপ্ত ৰাজ্যপাল-ITBPৰ IGৰ বৈঠক - INDO TIBETAN BORDER POLICE

ইটানগৰত সীমান্ত সুৰক্ষা, উন্নয়ন আদিৰ বিষয়ে আলোচনা কৰিবলৈ অৱসৰপ্ৰাপ্ত ৰাজ্যপালৰ সৈতে ITBP ৰ IG ৰ বৈঠক ৷

Arunachal Pradesh: ITBP IG holds meeting with Governor to discuss border security, development
সীমান্ত সুৰক্ষা (ANI)
author img

By ANI

Published : 6 hours ago

ইটানগৰ (অৰুণাচল প্ৰদেশ): সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা এখন গুৰুত্বপূৰ্ণ বৈঠকত বৃহস্পতিবাৰে ইটানগৰৰ ৰাজ ভৱনত উত্তৰ-পূব সীমান্তৰ ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ মহাপৰিদৰ্শক অমিতাভ গুপ্তাই অৰুণাচলৰ প্ৰদেশৰ অৱসৰপ্ৰাপ্ত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পৰ্ণায়ক সাক্ষাৎ কৰে । লগতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ এই আলোচনাত সীমান্ত ব্যৱস্থাপনা, ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজৰ কাৰ্যসূচী আৰু অন্যান্য ৰাজ্য কিছু মূল বিষয়বস্তু আদি সামৰি লোৱা হয় ।

ৰাজ্যপালগৰাকীয়ে অৰুণাচল প্ৰদেশৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী (Indo-Tibetan Border Police চমুকৈ ITBP)ৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু অৱদানক প্ৰশংসা কৰে ৷ লগতে সীমান্ত অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজ কাৰ্যসূচীৰ (Vibrant Border Village programme) জৰিয়তে ITBP ৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

অমিতাভ গুপ্তাই লগতে কয় যে এনে প্ৰচেষ্টা ৰাষ্ট্ৰৰ স্বাৰ্থত হ’ব আৰু ই স্থানীয় জনগোষ্ঠী আৰু ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী (ITBP) উভয়ৰে বাবে পাৰস্পৰিকভাৱে লাভজনক হ’ব । সীমান্ত ব্যৱস্থাপনাৰ অভিজ্ঞতা ভাগ-বতৰা কৰি ৰাজ্যপালগৰাকীয়ে স্থানীয় লোকসকলকো জড়িত কৰাৰ পৰামৰ্শ দিয়ে । অমিতাভ গুপ্তাই নিয়মীয়া প্ৰশিক্ষণ, অনুশীলন, আৰু স্বতঃস্ফূৰ্ত টহল দিয়া আদি বিষয়সমূহৰ গুৰুত্ব ওপৰতো আলোকপাত কৰে ।

এইবোৰৰ উপৰিও ৰাজ্যপালগৰাকীয়ে এন ই ফ্ৰন্টিয়াৰৰ (NE Frontier) মুৰব্বীগৰাকীক স্থানীয় যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত নিযুক্তি দিয়াৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে প্ৰসাৰিত কৰিবলৈ পৰামৰ্শ দিয়ে । লগতে সীমান্ত অঞ্চলত জৰুৰীকালীন অৱস্থাৰ সময়ত সময়মতে মানৱীয় সাহায্য প্ৰদান কৰিবলৈ ITBP ক আহ্বান জনায় ।

সংবাদ সংস্থা ANI-এ প্ৰকাশ কৰা বাতৰি মতে,শেহতীয়াকৈ NE ফ্ৰন্টিয়াৰৰ ITBP ৰ মুৰব্বী হিচাপে দায়িত্ব লোৱা গুপ্তাই ৰাজ্যপালক আশ্বাস দিয়ে যে উত্থাপিত উদ্বেগসমূহ তৎকালীনভাৱে সমাধান কৰা হ’ব । (ANI)

(সংবাদ সংস্থাৰ তথ্য মতে যুগুতোৱা বাতৰি)

লগতে পঢ়ক : HMPV ৰ লক্ষণ আৰু প্ৰতিৰোধ ব্যৱস্থা কি ? জানি লওক কেইটামান কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.