ETV Bharat / state

ভোগালীৰ আগমন, ঢেঁকীৰ চেৱত কঁপিছে ধেমাজি - PREPARATION FOR BHOGALI BIHU

হেঁপাহৰ ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি । গাঁৱে গাঁৱে ঘৰে ঘৰে ঢেঁকীৰ গুমগুমনি । ঢেঁকী শালত ব্যস্ত ৱোৱাৰী-আইতা ।

Preparation for Bhogali Bihu is going on in Dhemaji
ধেমাজিত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 5 hours ago

ধেমাজি: শীতৰ বোকোচাত উঠি আকৌ আহি পদূলি পালেহি অসমীয়া প্ৰাণৰ হেঁপাহৰ ভোগালী বিহুটি । চৌদিশে বিয়পিছে উচাহৰ বতৰা । ঢেঁকীৰ গুমগুমনিত কঁপিছে আকাশ-বতাহ । পথাৰত নৰা কাটি মেজি তথা ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে ডেকা-বুঢ়া । ইফালে বিধে বিধে পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত গৃহিনীসকল ।

ভোগালীৰ জলপান তৈয়াৰ কৰাৰ মাজতে ঢেঁকী শালত গাঁৱৰ বোৱাৰী আৰু আইতাহঁতৰ না না আমোদজনক কথাৰ মেলৰ মাজতে পাৰভঙা ব্যস্ততা । কোনোৱে যদি ঢেঁকীশালত পিঠা খুন্দাত ব্যস্ত কোনো কোনোৱে বিধে বিধে পিঠা প্ৰস্তত কৰাত আন কোনোৱে চিৰা বচাত ব্যস্ত । মাজতে উঠিছে জাকৈয়া হাঁহিৰ ৰোল ।

ধেমাজিত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি (ETV Bharat Assam)

ব্যস্ততাৰ অন্ত নাই ধেমাজি নিলখ তৰাণিপথাৰতো । এঘৰত চিৰা পিঠা প্ৰস্তত কৰি ঘৰলৈ আলহী অতিথিক আপ্যায়নৰ বাবে সাজু কৰা লগতে বিহু বজাৰত বিক্ৰী কৰি পৰিয়ালৰ বাবে কিছু আৰ্থিক সকাহ পোৱাৰ বাবে সাজু কৰিছে চিৰা পিঠা সান্দহ কোমল চাউল আদি । বানে কোঙা কৰা ধেমাজিৰ চহা ৰাইজৰ মুখত এতিয়া প্ৰাপ্তিৰ হাঁহি ।

এই সন্দৰ্ভত এগৰাকীয় মহিলাই কয়, "আমি বিহুৰ কাৰণে জা-জলপান, পিঠা-পনা যোগাৰ কৰিছো । প্ৰাকৃতিক দুৰ্যোগে অৱস্থা নাইকিয়া কৰিলে তথাপিও আয়োজন কৰিছো । চিৰা, কোমল চাউল, সান্দহ, পিঠা, আখৈ এইখিনি বনাও । লগতে আচাৰো তৈয়াৰ কৰিছো । চিলাপথাৰতো বিক্ৰী কৰো । লগতে এইবাৰ আত্মনিৰ্ভৰ ধেমাজিতো এইবাৰ চীট দিছে । এইবাৰ তাত বিক্ৰী কৰিম । ইয়াৰ বাবে আমি ৫ গৰাকীমান মহিলা ব্যস্ত হৈ আছো ।"

একেদৰে ধেমাজি আমূলগুৰি গাঁৱৰ সাতগৰাকী চুবুৰীয়া মহিলাই মিলি এঘৰতে ঢেঁকীশালত বিধে বিধে পিঠা লাৰু আদি প্ৰস্তত কৰিছে । ব্যস্ততাৰ মাজতে এগৰাকী মহিলাই কয়,"আমাৰ গাঁও অঞ্চলৰ মহিলাসকলে খেতি-পথাৰ শেষ কৰি ভোগালী বিহুক আদৰিবলৈ আমি ধুনীয়াকৈ পিঠা পুৰিছো । তিলৰ লাৰু, নাৰিকলৰ লাৰু, তিলপিঠা, ঘিলাপিঠা আদি বনাইছো । আমি সাতটামান পৰিয়ালে একেলগে এই যোগাৰ কৰিছো ।"

লগতে পঢ়ক: দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক; টাইপাৰ এজাহাৰ দাখিল - HISTORICAL MAIDAM OF AHOM RULE

লক্ষ্য ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ; প্ৰস্তুতি আৰম্ভ - JHUMUR WORLD RECORD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.