ETV Bharat / state

বিদ্যালয়সমূহৰ প্ৰদেশিকীকৰণ, অংগনবাড়ী কৰ্মী-আশাকৰ্মীৰ দৰমহা বৃদ্ধিৰ বাবে উপ-সমিতি গঠন - ASSAM CABINET KEY DECISIONS

ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটত শুকুৰবাৰে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ উমৰাংছ’ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্রীৰ ৷

ASSAM CABINET KEY DECISIONS
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2025, 10:30 PM IST

গুৱাহাটী: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ:

গুৱাহাটীত চলি থকা ৫ হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহৰ বাবে ২৯০ কোটি টকা আজিৰ কেবিনেটে মঞ্জুৰ কৰে । লগতে আগষ্টৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়া হৈছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত নিৰ্মাণকাৰ্য চলি থকা ৯৫ খন আসনযুক্ত আৱৰ্ত ভৱন, ৰাজ্যিক অতিথিশালা আৰু ৰাজ্যিক ক'নভেঞ্চন চেণ্টাৰৰ বাবে ৪৭৭ কোটি টকা আজিৰ কেবিনেটে অনুমোদন দিয়ে ।

আজিৰ কেবিনেটে যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰতিদিনে এক লাখ লিটাৰ গাখীৰ সংশোধন আৰু প্ৰচেছ কৰিব পৰা দুটা মিল্ক প্ৰচেছিং ইউনিট আৰম্ভ কৰিবৰ বাবে ১৫০ কোটি টকা অনুমোদন জনায় । যোৰহাটৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে ৭৫ কোটি টকা আৰু ডিব্ৰুগড়ৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে ৭৫ কোটি টকাৰ অনুমোদন দিয়া হৈছে । অতিৰিক্তভাৱে কেবিনেটে ধেমাজি আৰু কাছাৰত এক লাখকৈ গাখীৰ সংশোধন কৰিব পৰা দুটা দুগ্ধ সংশোধন কেন্দ্ৰ বনাবৰ বাবে ডেইৰী বিভাগক নিৰ্দেশ দিছে । এমাহৰ ভিতৰত এই প্ৰকল্প দুটা কেবিনেটত অনা হ'ব । আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি গাখীৰ উৎপাদনৰ লগত জড়িতসকলে প্ৰতিলিটাৰ গাখীৰত ৫ টকাৰ ৰাজসাহায্য লাভ কৰিব । এক ফেব্ৰুৱাৰীত ইয়াৰ বাবে প'ৰ্টেল মুকলি কৰা হ'ব ।

আনহাতে আজিৰ কেবিনেটত কাছাৰৰ কৰ্কট হাস্পতালৰ বাবে ১০ বিঘা মাটি দিয়াৰ সিদ্ধান্ত লোৱা হয় ।

শোণিতপুৰ জিলাৰ দুৰুং আৰু লেপেটকাটা চাহ বাগিচাত দুটা পৰ্যটন প্ৰকল্প স্থাপন কৰাৰ বাবে আজিৰ কেবিনেটত অনুমোদন জনোৱা হয় ।

অইল পাম খেতি কৰা সকলে এতিয়াৰে পৰা চৰকাৰৰ পৰা বিভিন্ন সুবিধা লাভ কৰিব । আজিৰ কেবিনেটে অইল পাম খেতিক ক্ৰেছ ক্ৰ'প হিচাপে ঘোষণা কৰে ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা চাহ-বাগিচাৰ ফাৰ্নিচাৰ উদ্যোগ গঢ়িব পাৰিব । চাহ-বাগিচাসমূহ আৰ্থিকভাৱে টনকিয়াল হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে আজিৰ কেবিনেটে এটা পলিচীৰ অনুমোদন জনায় ।

ডিব্ৰুগড় জিলাৰ দেওচালি প্ৰস্তাৱিত বনভূমিক এতিয়াৰে পৰা ৰাজহ গাঁৱলৈ ৰূপান্তৰিত কৰা হয় । আজিৰ কেবিনেটত এই সিদ্ধান্ত লোৱা হয় । ইয়াৰ ফলত তাত বসবাস কৰা লোকসকলে মাটিৰ পট্টা লাভ কৰিব ।

মিছন বসুন্ধৰাত আবেদন কৰা সময় শেষ হৈছে আৰু ৫ লাখ লোকে আবেদন কৰিছে । এইক্ষেত্রত নতুন সিদ্ধান্ত লোৱা হৈছে । নামঘৰ বা মন্দিৰৰ বাবে প'ৰ্টেলত আবেদন কৰিব নোৱৰা সকলে মেন্যুৱেলি আবেদন কৰিব পাৰিব আৰু তাক গ্ৰহণ কৰা হ'ব । মেন্যুৱেলি আবেদনৰ বাবে সময় ৩০ জানুৱাৰীলৈ বঢ়াই দিয়া হৈছে । কেৱল ধৰ্মীয় উপাসনাস্থলী, স্কুল-কলেজ, ৰ‍াজহুৱা অনুষ্ঠান আদিৰ বাবে এই সময়সীমা বৃদ্ধি কৰা হৈছে । ব্যক্তিৰ বাবে নহয় ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা শাক-পাচলিৰ ব্যৱসায়ীৰ পৰা কোনো মহলদাৰে টকা ল'ব নোৱাৰিব । লগতে পাণ-তামোলৰ ব্যৱসায়ীৰ পৰা টকা সংগ্ৰহ কৰিব নোৱাৰিব । উদাহৰণস্বৰূপে বেলতলা বজাৰত শাক-পাচলি আৰু তামোল-পাণৰ ব্যৱসায় কৰাসকলে কাকো কোনো ধৰণৰ টকা দিব নালাগে ।

প্ৰদেশিকীকৰণৰ পৰা বাদ পৰা ২০০৬ চনৰ আগত বিদ্যালয়সমূহৰ প্ৰদেশিকীকৰণৰ বাবে মন্ত্রী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত এখন উপ-সমিতি কৰা হৈছে । এই সমিতিয়ে কোনবোৰ বিদ্যালয়ক প্ৰদেশিকীকৰণ কৰিব পৰা যায় তাৰ এখন প্ৰতিবেদন এমাহৰ ভিতৰত কেবিনেটত দিব । ২০০৬ চনৰ আগত স্থাপন হোৱা বিদ্যালয়ৰ ক্ষেত্রত এইটো প্ৰযোজ্য হ'ব । আজিৰ কেবিনেটত এই সমিতিখন গঠন কৰি দিয়া হয় ।

অংগনবাড়ী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলে দৰমহা বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে । আজিৰ কেবিনেটত মন্ত্রী অজন্তা নেওগ, পীযুষ হাজৰীকা আৰু অশোক সিংহলক লৈ এখন কমিটি কৰি দিয়া হয় । যাতে বাজেটৰ আগত বা পাছত অংগনবাড়ী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলক কি সহায় কৰিব পাৰো তাৰ এখন প্ৰতিবেদন দিব ।

উমৰাংছ’ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া:

উমৰাংছ’ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "পানী কমিলেহে আমি কিবা ফলাফল পাব পাৰো । আজি নাগপুৰৰ পৰা এটা ডাঙৰ মেছিন আহিছে । যিটো মেছিনৰ দ্বাৰা কাইলৈ পুৱাৰ পৰা কাম কৰিলে বিয়লিলৈ পানী শুকাই যাব । কিন্তু যদি মেছিনটোৱে কাম নকৰে তেন্তে নৰ্মেল মেছিনেৰে সিচিঁলে আৰু ৪৮ ঘণ্টা লাগিব । ৯ গৰাকী আৱদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে । এজনৰ মৃত শৰীৰ পোৱা গৈছে । এই কয়লা খনিটো অবৈধ নহয় । তিনি বছৰ ধৰি এই খনিটো চলি আছে । এইখিনি লোক প্ৰথমবাৰৰ বাবে খনিত প্ৰৱেশ কৰিছিল । তেওঁলোকে অবৈধভাৱে প্ৰৱেশ কৰিছিল ।"

লগতে পঢ়ক: বছৰৰ প্ৰথমখন কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.