নতুন দিল্লী : কুঁৱলীৰ প্ৰভাৱ অব্যাহত আছে দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত । বিশেষকৈ বিগত কিছুদিনত ৰাজধানী দিল্লী আৰু এন চি আৰত কুঁৱলীয়ে ব্যাহত কৰিছে স্বাভাৱিক জীৱন যাত্ৰা । লগতে হিমশীতল ঠাণ্ডাই জোকাৰি গৈছে দিল্লীবাসীক । আনহাতে, প্ৰভাৱিত হৈছে বিমান সেৱাও ।
ঘন কুঁৱলীৰ বাবে শুকুৰবাৰে পুৱা দিল্লী বিমানবন্দৰত ১০০ তকৈও অধিক বিমান চলাচলত বিলম্ব হয় । ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা অতি কম হোৱাৰ ফলত বিমান সেৱা কাৰ্যকলাপ প্ৰভাৱিত হয় । ইণ্ডিগোৱে পুৱা 5.04 বজাত X-ৰ এটা পোষ্টত যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে বিমানৰ সময়ৰ স্থিতিৰ বিষয়ে আগতীয়াকৈ খবৰ ৰাখিবলৈ জনায় ।
"ঘন কুঁৱলীৰ বাবে বিমান প্ৰস্থানৰ ওপৰত প্ৰভাৱ পৰিছে । অৱশ্যে চি এ টি 3 কম্প্লায়েণ্ট বিমানবোৰে দিল্লী বিমানবন্দৰৰ পৰা প্ৰস্থান আৰু অৱতৰণ কৰিবলৈ সক্ষম হয় ।" বিমানবন্দৰ অপাৰেটৰ ডি আই এ এলে পুৱা 5.52 বজাত X-ৰ এটা পোষ্টত কয় ।
অৱশ্যে চি এ টি ৩ কম্প্লায়েন্সে কম দৃশ্যমানতাৰ স্থিতিতো বিমান পৰিচালনাৰ অনুমতি দিয়ে । ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar.com উপলব্ধ তথ্য অনুসৰি, বিমানবন্দৰত 100 ৰো অধিক বিমান চলাচলত বিলম্ব হৈছে ।
দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে (ডি আই এ এল) যাত্ৰীসকলক বিমানৰ শেহতীয়া তথ্য জানিবৰ বাবে সংশ্লিষ্ট এয়াৰলাইনসমূহৰ সৈতে যোগাযোগ কৰিবলৈ কয় আৰু যাত্ৰীসকলৰ যিকোনো অসুবিধাৰ বাবে বিমানবন্দৰ কৰ্তৃপক্ষই দুখ প্ৰকাশ কৰে ।
"আমি বিমানবন্দৰলৈ কৰা আপোনাৰ যাত্ৰাৰ বাবে অতিৰিক্ত সময় লোৱাৰ পৰিকল্পনা কৰাৰ পৰামৰ্শ দিছোঁ । কিয়নো দিল্লীত কুঁৱলীৰ পৰিস্থিতিয়ে দৃশ্যমানতা হ্ৰাস কৰিছে আৰু যান-বাহনৰ গতি হ্ৰাস কৰিছে ।" ইণ্ডিগোৱে কয় ।
উল্লেখ্য যে ৰাষ্ট্ৰীয় ৰাজধানীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে (আই জি আই এ) দৈনিক প্ৰায় 1,300 বিমান চলাচল পৰিচালনা কৰে ।