অনলাইন ট্রেডিং: কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত আন এজনক আটক - Online Trading Scam

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 6:53 PM IST

thumbnail
ৰাজ্য়জুৰি অনলাইন ট্রেডিঙক লৈ চৰ্চা অব্য়াহত (ETV Bharat Assam)

যোৰহাট, ৭ ছেপ্টেম্বৰ: ৰাজ্য়জুৰি অনলাইন ট্রেডিঙক লৈ চৰ্চা অব্য়াহত থকাৰ মাজতে আৰু এজনক আটক কৰিলে আৰক্ষীয়ে । অনলাইনৰ জৰিয়তে কোটি টকা সৰকোৱা যুৱকজনক বৰহোলা আৰক্ষী থানালৈ আনি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে সংবাদ মাধ্যমক কোনো কথা জানিবলৈ দিয়া নাই আৰক্ষীয়ে ।

বৰহোলা আৰক্ষীৰ জালত পৰা যুৱকজন হৈছে অবিনাশ পাৰ্দ্ধিয়া । যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ বৰহোলাৰ গড়াজানৰ ১৬নং ব্লকৰ বাসগৃহৰ পৰাই অনলাইন ট্ৰেডিঙৰ জৰিয়তে কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতেই আৰক্ষীয়ে যুৱকজনক আটক কৰে ।  

অভিযোগ অনুসৰি যুৱকজনে বৰহোলাৰ নিজা বাসগৃহতে গুডলাক টিউটৰ চেন্টাৰ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে দীৰ্ঘদিনৰ পৰা ট্ৰেডিঙৰ কাম-কাজ চলাই আছিল । উক্ত কেন্দ্ৰটোৰ আলম লৈয়ে 'অবিনাশ ইনভেষ্ট'ৰ বেনাৰত ট্ৰেডিঙৰ জৰিয়তে এতিয়ালৈকে সহস্ৰাধিক লোকৰ পৰা লাখ লাখ টকা প্ৰলোভনেৰে সৰকোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে ইয়েছ মনি ডিজিটেল বেংক নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান খুলি সহজ-সৰল লোকক টকা দুগুণ হ'ব বুলি প্ৰলোভিত কৰি লাখ লাখ টকা আত্মসাৎ কৰি ৪ জুনত উধাও হৈছিল বেংকটোৰ কৰ্তৃপক্ষ । ইয়াৰ পিছত যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই ইয়েছ মনি বেংকৰ বিষয়া নলবাৰীৰ বনমালি হাজৰিকা আৰু ডিব্ৰুগড়ৰ গৌতম কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:নলবাৰীত ভুৱা কোম্পানী খুলি লাখ লাখ টকা আত্মসাতৰ অভিযোগ; প্ৰৱঞ্চকক আটক - Online Trading Scam in Nalbari

অনলাইন ট্ৰেডিং জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ চি আই ডিৰ লেন্সনায়ক - online trading scam

অনলাইন ট্ৰেডিং জালিয়াতি: তিনিচুকীয়াৰ অভিজিতৰ চিকাৰ আছিল নামী-দামী ব্যক্তি - Online trading scam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.