thumbnail

নৱমীত নলবাৰীত গীত গাব বিনোদ ৰাথোড়ে

By ETV Bharat Assamese Team

Published : 2 hours ago

নলবাৰী,১০ অক্টোবৰ: ষষ্ঠীৰ বেদীত প্ৰাণ পাই উঠা দুৰ্গতি নাশিনী মা দুৰ্গা দেৱীৰ আজি মহাসপ্তমী পূজা । সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো উলহ-মালহেৰে উদযাপন কৰা হৈছে মহাসপ্তমী । এইবেলি সোণালী জয়ন্তী উপলক্ষে ১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নলবাৰী জিলাৰ কটপোহা সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজাত ভক্তৰ ভিৰ পৰিলক্ষিত হয় । নলবাৰী জিলাৰ বৰভাগৰ গ্ৰামাঞ্চলৰ কটপোহা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱস্থলীত দেখা গৈছে ভক্তৰ ভিৰ । 

আনহাতে মহা নৱমী অৰ্থাৎ শনিবাৰে নিশা এইখন কটপুহা পূজাথলীত দেখা যাব বলিউডৰ তিনিগৰাকীকৈ কণ্ঠশিল্পীৰ সংগীতৰ যাদু । কটপুহাৰ পূজাথলীত সাংস্কৃতিক অনুষ্ঠানত মঞ্চ কঁপাব বলিউডৰ ৯০ দশকৰ বিখ্যাত কন্ঠশিল্পী বিনোদ ৰাথোড়, চান্দনী মুখাৰ্জী আৰু বিজয় কাশ্যপে । লগতে তেওঁক সহযোগ কৰিব আন দুই বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে । ইয়াকে লৈ উদ্যোক্তা সমিতিকে আদি কৰি স্থানীয় লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসুকতা । 

লগতে পঢ়ক: ৰাজ্যৰ আকাশে-বতাহে দশভূজা দেৱী দুৰ্গাৰ জয়গান, উখল-মাখল ৰাজ্য

ৰাইজক পূজাথলীৰ পৰাই আধ্যাত্মিক হ'বলৈ আহ্বান হিতেন্দ্ৰ নাথ গোস্বামীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.