ইন্দ্ৰপুৰৰ শিলৰ ফাঁকত আৱদ্ধ বাঘৰ পোৱালি - Tiger cub in Guwahati - TIGER CUB IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : May 8, 2024, 5:22 PM IST

গুৱাহাটী,৮ মে': গুৱাহাটীৰ ভঙাগড়ত বাঘৰ আতংক । মহানগৰীৰ ভঙাগড়ৰ ইন্দ্ৰপুৰৰ শিলৰ ফাঁকত আৱদ্ধ বাঘৰ পোৱালি । সেই স্থানত চাৰিটাকৈ নাহৰফুটুকী বাঘৰ পোৱালী থকাৰ লগতে পোৱালী কেইটাৰ মাকে অৱস্থান কৰাৰ সন্দেহ ৰাইজৰ । স্থানীয় ৰাইজে জনোৱা অনুসৰি মঙলবাৰে পুৱা ১০ মান বজাত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল বাঘৰ পোৱালিকেইটা । ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশৰ ।  

ইফালে বাঘৰ পোৱালিকেইটা চাবলৈ সেই স্থানত ভিৰ কৰে একাংশ লোকে । ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় । উল্লেখ্য যে মহানগৰীৰ বিভিন্ন স্থানৰ লগতে ভঙাগড় পাহাৰতো নাহৰফুটুকী বাঘ, লতামাকুৰী বাঘ মুক্ত বিচৰণ কৰা সততে পৰিলক্ষিত হয় । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি খাদ্যৰ সন্ধান কৰে বাঘে । ছাগলী, কুকুৰ ভক্ষণ কৰাৰ উপৰিও মানুহকো আক্ৰমণ কৰা ঘটনা ইতিমধ্যে সংঘটিত হৈ আহিছে মহানগৰীৰ বিভিন্ন প্ৰান্তত ।

লগতে পঢ়ক: Tigers Freely Roaming: ফিল'বাৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

Tiger Cub Rescued In Darrang: সাতখলিত উদ্ধাৰ তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি

Tiger Cub Rescued: তিতাবৰৰ মেজেঙাৰ বাঘৰ চুকত উদ্ধাৰ বাঘৰ পোৱালি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.