'দাদা ব্ৰিগেড'ৰ অত্যাচাৰত কোন ক্ষুব্ধ ? ক'লে বৰদলৈয়ে - Internal conflict in assam’s BJP

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 4:01 PM IST

thumbnail
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মুখত 'দাদা ব্ৰিগেড'ৰ প্ৰসংগ ! (ETV Bharat Assam)

গুৱাহাটী, 13 জুলাই: লবীকেন্দ্ৰিক ৰাজনীতি, দলীয় বিসম্বাদে কঁপাইছে নেকি ৰাজ্যিক বিজেপিৰ ভেটি । এই সন্দৰ্ভত বিভিন্ন চৰ্চা অব্যাহত থকাৰ সময়তে বিজেপিৰ কেইবাজনো বিধায়কে কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰে যোগাযোগত আছে বুলি শনিবাৰে সদৰী কৰে খোদ সাংসদগৰাকীয়ে । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে এই কথা উল্লেখ কৰে ।

এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই সাংসদগৰাকীয়ে পুনৰ কয়, "বিজেপিৰ ভিতৰচ'ৰা বাহিৰত দেখুওৱাৰ দৰে নহয় । বিজেপিৰ কেবাজনো বিধায়কে মোৰ সৈতে কথা পাতিছে ৷ বিজেপিৰ বিধায়কসকল শংকিত আৰু চিন্তিত হৈ পৰিছে । বিজেপিৰ বহু কেইগৰাকী নেতাৰ সৈতে কথা-বাৰ্তা চলি আছে ৷ 'দাদা ব্ৰিগেড'ৰ উৎপাতত ৰাজ্যিক বিজেপিত থাকিব নোৱৰা হৈছে পুৰণি বিজেপি কৰ্মীসকল । তেওঁলোক ক্ষুব্ধ হৈ আছে আৰু যিকোনো মুহূৰ্ততে বিস্ফোৰণ ঘটিব পাৰে ।"

কংগ্ৰেছ দলে কাক গ্ৰহণ কৰিব আৰু কাক নকৰে সেয়া দলে সিদ্ধান্ত ল’ব বুলি সদৰী কৰি সাংসদগৰাকীয়ে কয়, "প্ৰতিটো সময়ত কংগ্রেছক গালি দি থকা বিজেপি নেতাও এতিয়া কংগ্ৰেছলৈ আহিবলৈ বিচাৰিছে । সকলোকে কিয় ল'ম ৷ কোনখন মুখ লৈ তেওঁলোক কংগ্ৰেছলৈ আহিবলৈ বিচাৰিছে ।"

লগতে পঢ়ক: ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ... - Assam politics

বিজেপিৰ দলীয় কাৰ্যসূচী নে সংঘাতৰ আলোচনা : মুখ্যমন্ত্রীৰে ৰাজ্যিক সভাপতিৰ ৰুদ্ধদ্বাৰ বৈঠক - Conflict in BJP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.