জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ : গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে ক্ষুব্ধ ৰাইজে - Dilapidated Road In Kalgachia

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 12:51 PM IST

thumbnail
জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ (ETV BHARAT ASSAM)

জনীয়া, ১৫ জুলাই : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ কবৰ স্থানৰ পৰা মথাউৰিলৈ যোৱা পথটো বানৰ সময়ত বিধ্বস্ত হৈ পৰাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত সমস্য়াৰ সন্মুখীন হৈ আহিছে । এই পথটোত বোকা-পানীৰ সৃষ্টি হোৱাত যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰে । দৈনিক ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ যাতায়তত চৰম অসুবিধাৰ সৃষ্টি হোৱাত ৰাইজে জনপ্ৰতিনিধিক পথটো মেৰামতিৰ বাবে আহ্বান জনায় । ৰাইজে এই ক্ষেত্ৰত কোনো সুফল নোপোৱাত সোমবাৰে পথছোৱা মেৰামতিৰ বাবে হাতে-কামে লাগে ।

স্থানীয় জনপ্ৰতিনিধিৰ দুৱাৰে দুৱাৰে ঘূৰিও কোনো সুফল নোপোৱাত গঞাই ওলাই আহি ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি শিল-বালিৰে ৰাস্তা মেৰামতিৰ কাম কৰে । চৰকাৰ তথা প্ৰশাসনে পথ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ বাবে উপায়হীন হৈ গাঁঠিৰ ধনেৰে ৰাস্তা মেৰামতি কৰে ক্ষুব্ধ ৰাইজে ।  

লগতে পঢ়ক:নিৰ্বিকাৰ চৰকাৰ : সুচল পথৰ আশা বাদ দি গুৰুত্বপূৰ্ণ পথত ৰুলে কঠীয়া - Poor Road in Tihu

জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি ৰাইজে মেৰামতি কৰিলে বানত বিধ্বস্ত পথ - Dilapidated Road In Jonai

সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াই বিমোৰত পেলাইছে টীয়কবাসীক - Dilapidated Road In Teok

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.