বাগপত : মঙলবাৰে উত্তৰ প্ৰদেশৰ বাগপতত এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । কাঠৰ এখন মঞ্চ খহি পৰাৰ ফলত ৭ জন লোক নিহত হয় । এই ঘটনাত ৪০ জনৰো অধিক লোক আহত হয় ।
বাগপতৰ পৰা ২০ কিলোমিটাৰ দূৰৈৰ বাৰাউত চহৰৰ গান্ধী ৰোডৰ শ্ৰী দিগম্বৰ জৈন ডিগ্ৰী মহাবিদ্যালয় খেলপথাৰত এই দুৰ্ঘটনাটো সংঘটিত হয় । ভগৱান আদিনাথৰ 'অভিষেক'ৰ বাবে আয়োজিত এক কাৰ্যসূচীৰ সময়ত পুৱা প্ৰায় ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । অনুষ্ঠানটো শ্ৰী ১০০৮ আদিনাথ ভক্তম্বৰ প্ৰচাৰৰ অধীনত জৈন সম্প্ৰদায়ৰ মোক্ষ কল্যাণক নিৰ্বাণ মহোৎসৱৰ অংশ হিচাপে অনুষ্ঠিত হৈছিল ।
মানস্তম্ভ কমপ্লেক্সত নিৰ্মাণ কৰা ৬৫ ফুট ওখ অস্থায়ী মঞ্চৰ কাঠৰ চিৰিবোৰ ভাঙি পৰাৰ ফলত মঞ্চত থকা ভক্তসকল ইয়াৰ তলত পৰি যায় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।
জিলা দণ্ডাধীশ অস্মিতা লালৰ মতে, আহতসকলক এখন চিকিৎসালয়লৈ নিয়া হয় আৰু তেওঁলোকৰ মাজৰ ২০ জনক প্ৰাথমিক চিকিৎসাৰ পিছত যাবলৈ দিয়া হয় । বাকীসকল চিকিৎসাধীন হৈ আছে ।
"অনুষ্ঠানটোত এখন কাঠৰ মঞ্চ খহি পৰাৰ ফলত প্ৰায় ৪০ জন লোক আহত হয় আৰু পাঁচজন নিহত হয় ।" অস্মিতা লালে কয় । তেওঁ লগতে কয় যে এই বাৰ্ষিক অনুষ্ঠানটো বিগত ৩০ বছৰ ধৰি ইয়াত অনুষ্ঠিত হৈ আহিছে । আনহাতে, আঘাতপ্ৰাপ্ত দুজন লোকৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা সাতজনলৈ বৃদ্ধি পায় ।
আনহাতে, প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, আহতসকলে তাৎক্ষণিক চিকিৎসা সাহায্যৰ পৰা বঞ্চিত হয় । ইয়াৰ উপৰি পৰ্যাপ্ত এম্বুলেন্স উপলব্ধ নথকাৰ বাবে ই-ৰিক্সাৰে তেওঁলোকক চিকিৎসালয়লৈ লৈ যাবলগা হয় ।
ইফালে আৰক্ষী অধীক্ষক অৰ্পিত বিজয়বৰ্গীয়ই কয় যে আয়োজকসকলে এই কাৰ্যসূচীৰ বাবে আগতীয়া অনুমতি লৈছিল । "আমি ঘটনাটোৰ তদন্ত কৰি আছোঁ ।" তেওঁ কয় ।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলা প্ৰশাসনৰ বিষয়াসকলক আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে ।