গুৱাহাটী: চতুৰ্থ আই পি এ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি এক নতুন অধ্যায় ৰচনা কৰিবলৈ সক্ষম হ’ল অসম পিকলবল সন্থাই ।
২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ নয়দাৰ বেনেট বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আই পি এ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ ১৬ জনীয়া দলটোৱে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিভা, দৃঢ়তা আৰু ক্ৰীড়াবিদ্যাৰ নিদৰ্শন দাঙি ধৰে ।
এই অংশগ্ৰহণৰ জৰিয়তে অসমৰ মহিলা ক্ৰীড়াবিদসকলে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় ।প্ৰতিযোগিতাখনত ৫০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিগত শাখাত অংশগ্ৰহণ কৰি ববিতা লাংথাছাই একক শাখাত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে দ্বৈত শাখাত ববিতা লাংথাছা আৰু নাজনীন ৰহমানে ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ।
প্ৰতিযোগিতাখনিত অসমৰ এই সাফল্যই ৰাজ্যত পিকলবলৰ ক্ৰমবৰ্ধমান শক্তি আৰু সম্ভাৱনাক দাঙি ধৰাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবেও এক নতুন দৃষ্টান্ত স্থাপন কৰে ৷ এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলসমূহৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হয় । ৰাষ্ট্ৰীয় পৰ্যায়ত নৱাগত হোৱাৰ পিছতো অসমৰ খেলুৱৈসকলে অসাধাৰণ দক্ষতা আৰু বিজয়ৰ মানসিকতা প্ৰদৰ্শন কৰি সকলোৰে হৃদয় জিনিবলৈ সক্ষম হয় ।
মন কৰিবলগীয়া যে, আই পি এ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম পিকলবল সন্থাৰ অংশগ্ৰহণে অসমৰ ক্ৰীড়াজগতৰ সম্ভাৱনীয়তাক উজ্জ্বল কৰি তোলাৰ লগতে অধিক খেলুৱৈক পিকলবল খেলত অৱতীৰ্ণ হ’বলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত এক শক্তিশালী মঞ্চও প্ৰদান কৰিছে । এই সাফল্য খেলুৱৈসকলৰ নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সংস্থাটোৰ অদম্য প্ৰচেষ্টাৰ এক নিদৰ্শন হিচাপে পৰিগণিত হৈছে ।
এই সাফল্যৰ জৰিয়তে অসম পিকলবল সন্থাই ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহত অধিক প্ৰতিনিধিত্ব আৰু সফলতাৰ ক্ষেত্ৰত এক সুদৃঢ় ভেঁটি স্থাপন কৰিছে । ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দলটোৱে লাভ কৰা সফলতাই অসমত পিকলবলৰ জনপ্ৰিয়তাক নতুন উচ্চতালৈ লৈ যোৱাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ লগতে উত্তৰ-পূৱ ভাৰতৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত গৌৰৱবোধ জাগ্ৰত কৰে ।
ইয়াৰোপৰি এই প্ৰতিযোগিতাই খেলবিধৰ বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ এক অনন্য নিদৰ্শন সৃষ্টি কৰিছে, য’ত ১২ বছৰ অনুৰ্ধ্বৰ পৰা ৬০ বছৰৰ ঊৰ্ধ্বলৈকে বিভিন্ন বয়সৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে ।
লগতে পঢ়ক: ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুডো চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অসমকন্য়াৰ