গোলাঘাট : দুখন ঐতিহ্যমণ্ডিত পুথি; এই পুথি দুভাগ লৈ পদব্ৰজে সমগ্ৰ অসম ভ্ৰমণ কৰি গৃহস্থৰ ঘৰে ঘৰে পাঠ কৰা হয় । পুথি দুভাগ লৈ পদব্ৰজে ভকতে মূৰত তুলি গৈ থাকোতে বিভিন্নজনে সেৱা আগবঢ়ায় ৷ সেয়া লাগিলে সাধাৰণ জনতাই হওক বা মন্ত্ৰী-বিধায়কেই হওক ৷
গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ অন্তৰ্গত খনিকৰ গাঁৱত সংৰক্ষিত হৈ আছে এই ঐতিহ্যমণ্ডিত মহাপুৰুষীয়া সাঁচিপতীয়া দুভাগ পুথিভাগ । অৱশ্যে খনিকৰ গাঁৱত সংৰক্ষিত থকাৰ বাবে এই পুথি দুভাগ খনিকৰ পুথি নামেৰে সমগ্ৰ অসমতে জনাজাত ।
বৰ্তমান সময়ত সমাজ-সংস্কৃতিত বিদেশী জাকজমকতা কাৰ্যকলাপে গ্ৰাস কৰিলেও মহাপুৰুষীয়া ধৰ্মৰ আধ্যাত্মিক ভাৱধাৰাক এই ঐতিহ্যমণ্ডিত খনিকৰ পুথিয়ে বিশালভাৱে প্ৰভাৱিত কৰি ৰাখিছে । সাঁচিপাতত হেঙুল-হাইতালেৰে লিখা পুথি দুভাগ পাঠ কৰা অনুষ্ঠনেৰে অলেখ লোকৰ আধ্যাত্মিক চেতনা আজিও প্ৰবাহিত হৈ আছে । এনে কাৰ্য অসমৰ কোনো ঠাইত দেখা নাযায় ।
এই পুথি দুভাগৰ সম্পৰ্কে খনিকৰ গাঁৱৰ তীৰ্থনাথ বৰুৱাই এখন গ্ৰন্থত উল্লেখ কৰা অনুসৰি, পুথি দুভাগ মানৰ আক্ৰমণৰ প্ৰথম বা দ্বিতীয় সময়ত খনিকৰ গাঁৱত আহে । মানৰ আক্ৰমণৰ পৰা খনিকৰ গাঁৱৰ ৰাইজ সাৰিব পৰা নাছিল । ইয়াৰ সকলো মানুহে মানৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ হাবিয়ে-বননিয়ে পলাই ফুৰিছিল ৷
কিন্তু অঞ্চলটোৰ বৃদ্ধ মণি বৰুৱাই পলাব পৰা নাছিল ৷ যাৰবাবে মানে তেখেতৰ সকলো সা-সম্পত্তি লুট কৰি নিলে যদিও আশ্চৰ্যজনকভাৱে এটা টোপোলা মণি বৰুৱাৰ হাতত তুলি দি ভালদৰে ৰখিবলৈ ক'লে ।
মান যোৱাৰ পাছত সেই টোপোলা খুলি দেখে যে তাত চাৰিভাগ সাঁচিপতীয়া পুথি আছে, সেয়া হ’ল কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী । ইয়াৰে দুভাগ পুথি কাষৰে এখন গাঁৱৰ নামঘৰলৈ আগবঢ়ায় আৰু কীৰ্তন, নামঘোষা নিজৰ ঘৰতে ৰাখে । এই পুথি দুভাগ কালক্ৰমত ভকত বৈষ্ণৱৰ শ্ৰদ্ধা আৰু আদৰৰ হৈ পৰিল ।
পৰৱৰ্তী সময়ত মণি বৰুৱাৰ পাছৰ প্ৰজন্মই ১০১৯-২০ বৰ্ষত অঞ্চলটোৰ স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাৰ হাতত এই পুথি দুভাগ আহে । প্ৰকৃততে খনিকৰ পুথি হৈছে মহাপুৰুষ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন আৰু নামঘোষা নামৰ গ্ৰন্থ । পুথি দুভাগ সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখিত । কীৰ্তন পুথি ভাগ মুঠ পাতৰ সংখ্যা ১০৫ খিলা ইয়াৰে দুখিলা বকলা । পাতসমূহ দীঘল ৪৫ ছেন্টিমিটাৰ আৰু বহল ১৬ ছেন্টিমিটাৰ । পদৰ সংখ্যা ২২০৯ ।
কীৰ্তন পুথি ভাগৰ শেষত লিখা আছে ১৬৯০ শকৰ ৬ মাস ৪ তিথিত সমাপ্ত । যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান এই কীৰ্তন পুথি ভাগৰ বয়স ২০১০ চনৰ আগষ্ট মাহলৈকে ২৪২ বছৰ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ হয় ১৫৬৮ চনত গতিকে কীৰ্তন পুথি ভাগ লিখা হয় শংকৰদেৱৰ তিৰোভাৱৰ ২০০ বছৰ পাছত ।
ঠিক তেনেদৰে নামঘোষা পুথি ভাগৰ মুঠ পৃষ্ঠা ৫৩ ইয়াৰ এখিলা বকতা । পৃষ্ঠাৰ দীঘল ৩৫ ছেন্টিমিটাৰ আৰু বহল ১০ ছেন্টিমিটাৰ । পদৰ সংখ্যা ১০০০ । বান্ধি ৰাখিবলৈ পুথিখনৰ মাজত এট সৰু ফুটাত খৰিহা ভৰোৱা আছে । শেষত লিখা আছে ১৬৯০ শকৰ মাস ২ বুধ সম্পূৰ্ণ সমাপ্ত । ইয়াৰ পৰা জনা যায় এই নামঘোষা পুথি ভাগ লিখি বা নকল কৰি শেষ হৈছিল ১৭৬৮ চনত ।
২০১০ চনৰ মে’ মাহলৈ এই ঘোষা পুথি ভাগৰ বয়স ২৪২ বছৰ । গতিকে এই পুথি ভাগ মাধৱদেৱৰ তিৰোভাৱৰ ১৭২ বছৰ পাছত লিখা হৈছিল । গুৰুত্বপূৰ্ণ কথা এই যে দুয়োভাগ পুথিৰে কোনো পাতনি আৰু সূচীপত্ৰ নাই । লিখোতাৰ নাম ঠিকনা নাই । মাথোঁ আছে ‘যথা দৃষ্ঠং তথা লিখিতং’ ।
পুথি দুভাগ আখৰ, লিখাৰ ধৰণ, শক, তিথি, বাৰ আদিৰ হিচাপ আৰু সংস্কৃত শ্লোক আদিৰ পৰা অনুমান কৰিব পাৰি এই ঐতিহ্যমণ্ডিত পুথি দুভাগ লিখোতাজনৰ নাম আত্মপ্ৰকাশত অনিচ্ছুক আৰু মহাপুৰুষ দুজনাৰ অগাধ বৈষ্ণৱ পণ্ডিত আছিল ।
খনিকৰ পুথি সম্পৰ্কে নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদক অৰুণ বিকাশ বৰুৱাই কয়-
‘‘পুথি ভাগ ১৬৯০ চনত সাঁচিপাতত লিখা আছে ৷ গতিকে প্ৰায় ২৫০ বছৰ হৈছে । দুভাগ পুথি আছে এভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কীৰ্তন ঘোষা আৰু মহাপুৰুষ মাধৱদেৱৰ বিৰচিত নামঘোষা এই পুথি দুভাগ ১৬৯০ শকত কোনো ব্যক্তিয়ে সাঁচিপাতত প্ৰতিলিপি কৰিছে ৷ কিন্তু কোনো প্ৰতিলিপি কৰিছিল তাৰ নাম নাই মাথো যথা দিষ্ঠং তথা লিখিতং ৷ ইয়াৰ অৰ্থ যেনে ধৰণে দেখিছে ঠিক তেনে ধৰণে লিখিছে ।’’
‘‘মানৰ আক্ৰমণৰ সময়ত আমাৰ উপৰিপুৰুষ মণি বৰুৱাৰ দিনত পুথি দুভাগ প্ৰাপ্ত হৈছে । পুথি দুভাগ পাই কিছুদিন নিজৰ ঘৰত ৰাখি পাছত গুৰুগৃহ সাজি তাত ৰখাৰ ব্যৱস্থা কৰিলে আৰু ৰাইজে আহি তাতে চাকি ধূপ-দীপ নৈবেদ্যৰে সেৱা আগবঢ়াইছিল । কালক্ৰমত পুথি দুভাগ পাঠ কৰিবলৈ ল'লে পাছলৈ সেৱকীসকলে নিজৰ ঘৰত নি পাঠ কৰিবলৈ আৰম্ভ কৰে । প্ৰথম অৱস্থাত আমাৰ গাঁৱত ভকতসকলে পুথি দুভাগ নি ঘৰে ঘৰে পাঠ কৰিছিল আৰু লাহে লাহে পুথি দুভাগ বিস্তাৰ হ'ল আৰু সেই সময়ৰ গোলাঘাট মহকুমাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত পুথি দুভাগ নি পাঠ কৰিবলৈ ধৰিলে ৷’’
‘‘তাৰ পাছতে যোৰহাট, শিৱসাগৰ, নগাঁও লগতে বৰ্তমান অসমৰ বিভিন্ন স্থানত পুথি দুভাগ পদব্ৰজে যাত্ৰা কৰে, গুৱাহাটীলৈ কেইবাবাৰো গৈছে । ঠিক সেইদৰে ডিব্ৰুগড়, তিনিচুকীয়া, মাৰ্ঘেৰিটাৰ সেৱকীসকলে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে ভকতসকলৰ জৰিয়তে পাঠ কৰায় । গতিকে এনেধৰণৰ পুথি দুভাগ বিস্তাৰিত হৈছে । ২০০০ চনত আমাৰ গুৰুগৃহৰ পৰা পুথি দুভাগ নামঘৰ স্থাপন কৰি যত্নৰে ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু তেতিয়াৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তত এই নামঘৰৰ পৰা পুথি দুভাগ গৈ থাকে ।’’
ইয়াৰ উপৰিও এই নামঘৰত বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলে আহি সেৱা আগবঢ়ায় । পুথি দুভাগ সেৱকীসকলে নিৱৰ বাবে আগতীয়াকৈ পঞ্জীয়ন কৰাব লাগে । বৰ্তমান ২০২৫ বৰ্ষত পঞ্জীয়ন সম্পূৰ্ণ হৈ আছে পৰৱৰ্তী সময়ত আমি ২০২৬ বৰ্ষৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এই কথা সদৰী কৰে অৰুণ বিকাশ বৰুৱাই ৷