ETV Bharat / state

শ্বহীদ দিৱসত পথৰুঘাটত সাতকুৰি কৃষক শ্বহীদক স্মৰণ; স্মাৰক ডাক টিকট মুকলি - PATHARUGHAT PEASANT UPRISING

পথৰুঘাটক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ঘোষণাৰ বাবে পদক্ষেপ গ্ৰহণ । সংসদত বিধেয়ক দাখিল । কাৰিকৰী অসুবিধাৰ বাবে সমস্যাৰ সৃষ্টি হোৱা বুলি উল্লেখ সাংসদ দিলীপ শইকীয়াৰ ।

Patharughat peasant uprising
শ্বহীদ দিৱসত পথৰুঘাটত সাতকুৰি কৃষক শ্বহীদক স্মৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 6:45 PM IST

Updated : Jan 28, 2025, 8:54 PM IST

মঙলদৈ : ২৮ জানুৱাৰী । ঐতিহাসিক পথৰুঘাটৰ ৰণৰ বৰ্ষপূৰ্তি । আজিৰে পৰা ১৩১ বছৰ পূৰ্বে ১৮৯৪ চনৰ এই দিনটোতে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত পথৰুঘাটত সংঘটিত হৈছিল কৃষক বিদ্ৰোহ । ব্ৰিটিছ চৰকাৰে অন্যায়ভাৱে মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদত পথৰুঘাটত সমবেত হৈ ৰাইজমেল কৰিছিল অঞ্চলটোৰ কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে । লগতে ব্ৰিটিছৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল । কিন্তু অত্যাচাৰী ব্ৰিটিছ শাসকে মেহনতী জনতাৰ ওপৰত জঁপিয়াই পৰি ১৪০ জন নিৰস্ত্ৰ কৃষকক হত্যা কৰিছিল । আহত হৈছিল ডেৰ শতাধিক লোক । এই দিনটোৰ স্মৰণতে প্ৰতিবছৰে ২৮ জানুৱাৰীত কৃষক শ্বহীদ দিৱস উদযাপন কৰি অহা হৈছে ।

পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ১৩১ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান অসম চৰকাৰৰ উদ্যোগত মঙলবাৰে বিস্তৃতভাৱে আয়োজন কৰা হয় । ইয়াত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীকে ধৰি বিভিন্ন চৰকাৰী বিষয়া তথা দল-সংগঠনৰ নেতা আদি উপস্থিত থাকে ।

শ্বহীদ দিৱসত পথৰুঘাটত সাতকুৰি কৃষক শ্বহীদক স্মৰণ (ETV Bharat Assam)

অনুষ্ঠানত উপস্থিত থাকি সাংসদ দিলীপ শইকীয়াই কয়, "পথৰুঘাটক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ঘোষণা কৰিব লাগে । ইয়াৰ বাবে আমি কাম কৰি আছোঁ । এই সন্দৰ্ভত মই এখন বিল সংসদত দাখিল কৰিছোঁ । এইক্ষেত্ৰত কিছুমান কাৰিকৰী অসুবিধা আছে । ইয়াৰ সঠিক তথ্য তথা শ্বহীদসকলৰ নামৰ তালিকাকে ধৰি কিছু দিশত আমি পিছপৰি আছোঁ । সেইখিনি কাম সম্পূৰ্ণ হ'লেই ৰাষ্ট্ৰীয় স্মাৰক হিচাপে আমাৰ দল, চৰকাৰে পদক্ষেপ ল'ব ।"

পথৰুঘাটৰ কৃষক শ্বহীদৰ সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁ লগতে কয়, "আমি এই বিষয়ত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছোঁ । ৰাজ্যপাল আহিছে, ভাৰতীয় সেনাবাহিনীয়েও এই ক্ষেত্ৰৰ কাৰণে যথেষ্ট কৰিছে । এই অঞ্চলৰ যিখিনি আশা-আকাংক্ষা আছে, এই পবিত্ৰ শক্তিস্থলক ৰাষ্ট্ৰৰ স্বাধীনতাৰ শক্তিস্থলৰ মানচিত্ৰত কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি, উজ্জ্বল আৰু শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিব পাৰোঁ সেইটো আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য ।"

উল্লেখ্য যে পথৰুঘাটৰ ৰণৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে ভাৰতীয় ডাক বিভাগৰ তৰফৰ পৰা এটি স্মাৰক ডাকটিকটো প্ৰকাশৰ ব্যৱস্থা কৰা হয় । মঙলবাৰে কৃষক শ্বহীদ দিৱসৰ দিনা এই স্মাৰক ডাকটিকট আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

Patharughat peasant uprising
পথৰুঘাটৰ স্মাৰক ডাক টিকট (X@himantabiswa)

ইপিনে পথৰুঘাট ৰণৰ কৃষক শ্বহীদ পৰিয়ালৰ সন্তান হাৰুণাৰ ৰছিদে কয়, "ব্ৰিটিছৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পথৰুঘাটৰ সাতকুৰি কৃষক শ্বহীদৰ আত্মবলিদানৰ ঘটনাটো আজিও উপেক্ষিত হৈ আছে । এই ঘটনাৰ ১৩০ বছৰ পিছতো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম নহ'ল । ইয়াণ্ডাবু সন্ধিৰ পিছতে পথৰুঘাট বা বৃহত্তৰ পথৰুঘাটৰ ৰাইজে যেনেধৰণেৰে নিজৰ সাহকিতাৰে এক হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ দ্বাৰা ভাৰতৰ ভিতৰতে প্ৰথম স্বাধীন হোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।"

শ্বহীদ পৰিয়ালবোৰ একত্ৰিত হোৱা প্ৰসংগত তেওঁ কয়, "বৰ্তমানেও সিঁচৰতি হৈ থকা শ্বহীদ পৰিয়ালৰ ২৭ গৰাকী লোক বৰ্তমান একত্ৰিত হৈছে । এই পবিত্ৰ ক্ষেত্ৰখন ১৯৮২ চনৰ পৰাহে কেইজনমান লোকৰ প্ৰচেষ্টাত উজলাই আনিবলৈ চেষ্টা আৰম্ভ কৰিছিল । তেতিয়াৰে পৰা বৰ্তমানলকৈ পথৰুঘাটবাসী ৰাইজৰ সহায়ত শ্বহীদসকলক স্মৰণ কৰি পৰৱৰ্তী সময়ৰ পৰা আছু, সেনাবাহিনী, প্ৰশাসনৰ সহায়ত শ্বহীদক স্মৰণ কৰি আহিছে ।"

উল্লেখ্য যে পথৰুঘাটৰ শ্বহীদ স্মৰণ কাৰ্যসূচীৰ পিছতে দৰং জিলা প্ৰশাসনৰ উদ্যোগত এক ৰাজহুৱা শ্বহীদ স্মৰণ সভাও অনুষ্ঠিত হয় । ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কৃষি মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসঙ্গত কয় যে ছাত্ৰ অৱস্থাত আছুৰ নেতৃত্বত থাকোতে পথৰুঘাটৰ কৃষক শ্বহীদক স্মৰণ কৰি আহিছে । বৰ্তমান এই শ্বহীদৰ ক্ষেত্ৰখনৰ বহু উন্নতি হ'ল বুলিও তেওঁ উল্লেখ কৰে ।

উক্ত সভাত বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপ-সভাপতি পদুম ৰাজখোৱা, আলফা নেতা অনুপ চেতিয়া, ডাক বিভাগৰ শীৰ্ষ বিষয়া সুব্ৰত দাস, প্ৰিয়ংকা জৈন আদি উপস্থিত থাকে ।

উক্ত সভাতে ভাৰতীয় ডাক বিভাগে পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ স্মৃতিত নতুনকৈ প্ৰৱৰ্তন কৰা এটি ডাক টিকটৰো আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছী বিধায়িকা নন্দিতা দাস, দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীৰ নেতৃত্বত এটি দলেও পথৰুঘাট শ্বহীদ ক্ষেত্ৰলৈ আহি কৃষক শ্বহীদসকলক স্মৰণ কৰে ।

ইপিনে পথৰুঘাট নিবাসী স্থানীয় লোক তথা পথৰুঘাট বিষয়ৰ গৱেষক, হাজো সুৰেন দাস মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অমূল্য কলিতাই কয়, "কৃষিৰে চহকী আৰু স্বাৱলম্বী দৰং জিলাৰ কৃষকসকলৰ ঘৰত আজি নাঙল নাই, গৰু নাই, নাই কৃষিজাত সঁজুলি । গাঁৱত এতিয়া নাই ঢেঁকীৰ শব্দ, অসমীয়া চহা গাঁৱৰ অৰ্থনীতি এতিয়া নগৰীকৰণ হৈ গৈছে । এতিয়া খেতিৰ মাটিত নিৰ্মাণ হৈছে বৃহৎ বৃহৎ অট্ৰালিকা । এনে প্ৰেক্ষাপটতত গ্ৰাম্য অৰ্থনীতি আজি কোন দিশে গতি কৰিছে সেয়া চিন্তনীয় ।"

তেওঁ লগতে কয়, "১৯ শতিকাত মুদ্ৰা অৰ্থনীতিৰ বজাৰ অসমত নাছিল, তেতিয়া বিনিময় ব্যৱস্থা চলি আছিল । ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে সমগ্র অসমত এক তৰপীয়া নিয়মত শাসন কৰিব বিচাৰিছিল । তেতিয়াও দৰঙৰ অনগ্ৰসৰ কৃষকে খাজানাৰ ব্যৱস্থাটো মুদ্ৰাৰ জৰিয়তে দিয়া নাছিল । তেতিয়া পাইক বা গা খাটি শ্ৰম কৰি দিছিল । ব্ৰিটিছে এই পাইক ব্যৱস্থা উঠাই দিছিল আৰু মুদ্ৰা ব্যৱস্থাৰ প্ৰচলন কৰিছিল । এই মুদ্ৰা দিবলগীয়া হোৱাৰ লগে লগে খেতিয়কসকল ক্ষোভিত হৈ পৰিছিল ।"

কৃষক বিদ্ৰোহৰ উল্লেখ কৰি তেওঁ কয়, "১৮৯৪ চনৰ পূৰ্বে ১৮৬৮ চনটো দৰঙত খাজানা বৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ কৃষক বিদ্ৰোহ হৈছিল । তেতিয়াও পথৰুঘাট ডাক বাংলোত প্ৰতিবাদকাৰীসকলক ব্ৰিটিছে জুইৰে পুৰি মৰাৰ ব্যৱস্থা কৰিছিল । কিন্তু সেই বিষয়ত এতিয়ালৈকে ক'তো আলোচনা কৰা হোৱা নাই ।"

আনহাতে, খিলঞ্জীয়া অসমীয়া কৃষকে কিন্তু কোনোদিনে খাজানা নিদিওঁ বুলি কোৱা নাছিল বুলি কলিতাই দাবী কৰি কয় যে তেওঁলোকে কেৱল বৰ্ধিত খাজনা নিদিওঁ বুলিহে কৈছিল । দৰঙী মানুহ অতীজৰে পৰা শান্তিপ্ৰিয় বুলি কৈ ব্ৰিটিছৰ বিৰুদ্ধে কৰা আন্দোলনৰ সেনানীসকলক শ্বহীদৰ মৰ্যাদা নিদিয়া আৰু মুক্তি যুজাঁৰুৰ মৰ্যাদা নিদিয়াত ডঃ কলিতাই ক্ষোভ ব্যক্ত কৰে ।

তেওঁ ২৮ জানুৱাৰী তাৰিখটো কেৱল তিথি হিচাপে পালন নকৰি ইয়াৰ জৰিয়তে গাঁৱে গাঁৱে এক কৃষি জাগৰণ কৰি নতুন প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক :অসমৰ জালিয়ানৱালা বাগ : পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ১৩১ বছৰ; আজিও কিয় নাপালে স্বীকৃতি ? - PATHARUGHAT PEASANT UPRISING
লগতে পঢ়ক :আজিও অৱহেলিত প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা - PHULAGURI FARMER REVOLUTION

Last Updated : Jan 28, 2025, 8:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.