মাজুলী-নিমাতী ঘাটৰ মাজত নৈশ ফেৰীসেৱা আৰম্ভ - Majuli Night Ferry Service

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:49 PM IST

মাজুলী, 10 মাৰ্চ: ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ একমাত্ৰ যাতায়ত ব্যৱস্থা হ'ল মাজুলী-নিমাতী ফেৰীসেৱা । এই ফেৰীসেৱা বিয়লি তিনি বজাৰ পিচতেই বন্ধ হৈ পৰাৰ ফলত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যাত্ৰীসকল ।

আজিৰে পৰা এই যাতায়তৰ সমস্যা ওৰ পৰিল । এবছৰীয়া জৰীপৰ অন্তত আৰম্ভ হ’ল অফলামুখ-নিমাতী নৈশ ফেৰী । বিশ্ব বেংকৰ সহায়ত অভিলাষী প্ৰকল্পৰ অধীনত মাজুলী-অফলামুখ ফেৰীঘাটৰ পৰা নিমাতী ঘাটলৈ চলিল নৈশ ফেৰী ।

বিশ্ব বেংকৰ আৰ্থিক সাহায্যত নৈশ ফেৰীসেৱা আজিৰে পৰা আৰম্ভ হৈছে অফলামুখ-নিমাতীৰ মাজত । এম ভি জাহ্নবী নামৰ ফেৰীৰে শুভাৰম্ভ হয় এই ফেৰীসেৱা । আই আই টি মাদ্ৰাজ, নেশ্যনেল টেকনল’জী চেন্টাৰ ফৰ পৰ্ট এণ্ড ৱাটাৰৱে’ জড়িত হৈ আছে এই ফেৰীসেৱাত ।

কাইলৈৰ পৰা যাত্ৰীৰ সুবিধা অনুসৰি সময় নিৰ্ধাৰণ কৰিব জলপৰিবহন বিভাগে । সাধাৰণ যাত্ৰীৰ লগতে গাড়ী আৰু দুচকীয়া বাহনো পাৰাপাৰ হ’ব ।

লগতে পঢ়ক: মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনলৈ ভৌগোলিক স্বীকৃতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.