বিজেপিত খেলিমেলি সৃষ্টি কৰিবলৈ চলিছে এনে অপপ্ৰচাৰ : বলীন চেতিয়া - Assam politics

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 3:56 PM IST

thumbnail
বিজেপিত খেলিমেলি সৃষ্টি কৰিবলৈ চলিছে এনে অপপ্ৰচাৰ : বলীন চেতিয়া (E TV Bharat)

তিনিচুকীয়া, ১৩ জুলাই: ৰাজ্যিক বিজেপিৰ পুৰণি তথা বহুকেইগৰাকী জ্যেষ্ঠ নেতাই দলত্যাগ কৰাৰ সমান্তৰালকৈ শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াইও বিজেপি ত্যাগ কৰিব বুলি শেহতীয়াকৈ ৰাজনৈতিক মহলত চৰ্চা চলিছে । এই চৰ্চাৰ মাজতেই শনিবাৰে বিধায়ক বলীন চেতিয়াই এই বাতৰি সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে  ৷ বিধায়কগৰাকীয়ে শেষমুহূৰ্তলৈকে বিজেপিতেই নিষ্ঠাৰে কাম কৰি যাব বুলি মন্তব্য় কৰে ।

শেহতীয়াকৈ বিধায়ক বলীন চেতিয়াই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেইবাখনো সভাত ব্যস্ত আছিল বুলি উল্লেখ কৰি এই খবৰ মনেসজা আখ্যা দি বিৰোধী শক্তিৰ অপপ্ৰচাৰ বুলি দাবী কৰিছে ৷ এই সন্দৰ্ভত শদিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক চেতিয়াই কয়," বিৰোধী দলে শাসকীয় দলটোত খেলিমেলি সৃষ্টি কৰিবলৈ এনে কিছু অপপ্ৰচাৰ কৰিছে ৷ " লগতে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক যথেষ্ট মৰম দিছে বুলি উল্লেখ কৰি শেষমুহূৰ্তলৈকে দলটোতেই সততাৰে কাম কৰি যাব বুলি কয় ৷

লগতে পঢ়ক:বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ... - Assam politics

বিজেপিৰ দলীয় কাৰ্যসূচী নে সংঘাতৰ আলোচনা : মুখ্যমন্ত্রীৰে ৰাজ্যিক সভাপতিৰ ৰুদ্ধদ্বাৰ বৈঠক - Conflict in BJP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.