বাৰিষাৰ আগতেই কৰা হ'ব গৰাখহনীয়া ৰোধৰ ব্যৱস্থা; পীযুষ হাজৰীকাৰ আশ্বাস - MEASURES TO PREVENT EROSION

By ETV Bharat Assamese Team

Published : May 15, 2024, 8:55 PM IST

thumbnail
বাৰিষা অহাৰ আগতেই গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ আশ্বাস (ETV Bharat Assam)

ওদালগুৰি, ১৫ মে': লোকসভা নিৰ্বাচনৰ দায়িত্ব শেষ কৰিয়েই পুনৰ সক্ৰিয় হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰীকা । বুধবাৰে বি-টি-আৰৰ অন্তৰ্গত ওদালগুৰি জিলাৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিজা সমষ্টিত বান-বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বাৰিষা অহাৰ আগতেই নদীসমূহৰ গৰাখহনীয়া ৰোধৰ বাবে পৰীক্ষণমূলক পাৰ্কুপাইনৰ ব্যৱস্থা কৰিব কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।  

লগতে টংলাৰ কুলশী, ননৈ, শুক্লাইৰ নৈপৰীয়া লোকসকলকৰ বান-বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি অতি শীঘ্ৰেই কাম আৰম্ভ কৰা হ'ব বুলি সংবাদ-মাধ্যমযোগে জনাই মন্ত্ৰীগৰাকীয়ে । ইফালে লোকসভা নিৰ্বাচনত অসমত ফলাফল ভাবিব নোৱাৰা ধৰণে ভাল হ'ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে । বিৰোধীকো স্বভাৱসূলভভাৱেই কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । 

লগতে পঢ়ক: তিনি শিশুৰ পঢ়াৰ খৰচৰ দায়িত্ব ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই - Minister Piyush Hazarika

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.