ডিফুত তিনি মহলাৰ পৰা শ্ৰমিকৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 8:38 AM IST

thumbnail

ডিফু, 14 ফেব্ৰুৱাৰী: মঙলবাৰে পুৱা প্ৰায় ৯ বজাত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখত কৰ্মৰত এগৰাকী নিৰ্মাণ শ্ৰমিকৰ কৰুণ মৃত্যু হয় ৷ প্ৰত্যক্ষদৰ্শীৰ মতে এখন অট্টালিকাৰ তিনি মহলাৰ ছাটাৰিং খুলি থকাৰ সময়তে তিনি মহলাৰ পৰা অকস্মাৎ তলত পৰে ৷  লগে লগতে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত ।

নিৰ্মীয়মান অট্টাল্লিকাটোৰ যোগালীৰ কামত নিয়োজিত শ্ৰমিক জনক তৎক্ষণাৎ গুৰুতৰভাৱে জখম প্ৰাপ্ত অৱস্থাত নিচেই কাষতে থকা ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰে ৷ কিন্তু চিকিৎসা গ্ৰহণ কৰাৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে শ্ৰমিকগৰাকীয়ে ৷

শ্ৰমিক জন মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বৰকাবল গাঁৱৰ বাসিন্দা আব্দুল কৰিমৰ পুত্ৰ দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে শ্ৰমিকসকলৰ মাজত । 

লগতে পঢ়ক: টিংখাঙৰ বাগানত বনুৱাৰ মনৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.