thumbnail

ইলেক্ট’ৰেল বণ্ড বন্ধ কৰাৰ দাবীত গোলাঘাটৰ SBI ৰ সন্মুখত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 8:50 AM IST

গোলাগাট, ৮ মাৰ্চ: ভাৰতীয় ষ্টেট বেংকক বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰি পৰিচালনা কৰাৰ অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ । SBI ৰ পক্ষপাতিত্বৰ বিৰূদ্ধে ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে গোলাঘাট জিলাৰ SBI বেংকৰ সন্মুখত গোলাঘাট জিলা কংগ্ৰেছৰ কমিতিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।

উল্লেখ্য যে, ভাৰতীয় ষ্টেট বেংকে ইলেক্ট’ৰেল বণ্ডৰ জড়িয়তে ৰাজনৈতিক দললৈ ধন পঠিওৱাৰ এক পদ্ধতি । ২০১৬ চনত বিজেপি দলে শাসনৰ গাদীত বহাৰ পাচত এই আইন বলৱৎ হৈছিল যদিও সেইয়া আইন সংগত নাছিল । তাৰ পাছত ইলেক্ট’ৰেল বণ্ড জড়িয়তে জমা থকা প্ৰায় ১৩ হাজাৰ কোটি টকাৰ প্ৰায় ৭ হাজাৰ কোটি বিজেপি চৰকাৰে উলিয়াই লৈ যায় ।

ইয়াৰ পাচতে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে অবৈধ ঘোষণা কৰা ইলেক্ট’ৰেল বণ্ড বন্ধ কৰে ৷ এই সমগ্ৰ ঘটনাৰ বিষয়ে উচ্চতম ন্যায়ালয়ত সকলো নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পাচত SBI য়ে ৩০ জুনৰ ভিতৰত দাখিল কৰিব বুলি আবেদন কৰে । কিন্তু তেতিয়ালৈকে নতুন চৰকাৰ গঠন হ'ব আৰু তেনে সময়তে সেই সমগ্ৰ ঘটনা তল পৰিব বুলি সন্দেহ প্ৰকাশ কৰে কংগ্ৰেছ দলে ।

লগতে পঢ়ক: ইলেক্ট’ৰেল বণ্ডযোগে সৰ্বাধিক পুঁজি লাভ বিজেপিৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.