thumbnail

জি এম ডি এৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত বহিল উচ্ছেদিত শিলসাঁকোবাসী - Tree Cutting In Guwahati

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 7:04 AM IST

গুৱাহাটী, 27 জুলাই: নিজৰ ভেঁটিটোৰ বাবে নহয় শিলসাঁকোবাসী এইবাৰ প্ৰতিবাদত বহিল বহু পুৰণি গছ কটাৰ বিৰুদ্ধে ৷  শিলসাঁকোৰ বুকুত বছৰৰ পিছত বছৰ ধৰি বসবাস কৰা থলুৱা খিলঞ্জীয়া লোকৰ ওপৰত অন্যায়ভাৱে বুলড’জাৰ চলাই গৃহহীন কৰাৰ পিছত এইবাৰ উচ্ছেদিত লোকে তেওঁলোকৰ পুৰণি ভেঁটিত 20/25 বছৰ পূৰ্বে ৰোপণ কৰা গছ-গছনি কাটি চিন-মোকাম নাইকীয়া কৰাৰ বাবে উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰ-প্রশাসনৰ বিৰুদ্ধে ।

পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীত দীর্ঘদিন ধৰি শিলসাঁকোৰ উচ্ছেদিত ৰাইজে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শিলসাঁকোৰ বিবেক নগৰত শুকুৰবাৰে জি এম ডি এ কৰ্তৃপক্ষই জেচিবি-ফকলেণ্ডৰ সহায়ত উচ্ছেদ চলোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । শুকুৰবাৰে দিনৰ ভাগত জি এম ডি এ কৰ্তৃপক্ষই জেচিবি-ফকলেণ্ডৰ দ্বাৰা শিলসাঁকোত এঘৰ লোকৰ চৌহদৰ এখন পকী দেৱাল ভঙাৰ লগতে অতি পুৰণি কেবাডাল নাৰিকল গছ আৰু গছ-গছনি কাটি খাস্তাং কৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে ।

ইয়াৰ পাচতে উচ্ছেদ প্ৰতিৰোধী ৰাইজে জি এম ডি এ ৰ এই কাৰ্যত বাধা প্ৰদান কৰি উচ্ছেদস্থলীতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শিলসাঁকোত উচ্ছেদিত পৰিয়ালৰ সমস্যা চৰকাৰে সমাধান নকৰা পৰ্যন্ত শিলসাঁকোত কোনো উন্নয়নমূলক কাম কৰিবলৈ দিয়া নহ’ব বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে । 

ইফালে প্ৰতিবাদকাৰীসকলৰ উগ্ৰমূৰ্তি দেখি জি এম ডি এ ৰ কৰ্মচাৰীয়ে জেচিবি এৰি সেই স্থানৰ পৰা পলাই-পত্ৰং দিয়ে ।

লগতে পঢ়ক: উভালি পৰিল এজোপা ২০০ বছৰীয়া গছ : টিহুৰ বণিয়াকুছিত কান্দোনৰ ৰোল - Tree uprooted in Nalbari

লখিমপুৰত ৭৫ সংখ্যক বন মহোৎসৱৰ আৰম্ভণি - 75th Van Mahotsav Celebration

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.