অফলামুখৰ পৰা নিমাতীৰ মাজত সন্ধিয়াৰ ভাগতো চলিব ফেৰী - Majuli Evening Ferry Services

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 4:10 PM IST

মাজুলী, 10 মাৰ্চ : মাজুলীবাসীৰ লগতে মাজুলীলৈ যাত্ৰা কৰিব লগা সকলৰ বাবে ভাল খবৰ ৷ এইবাৰ মাজুলীলৈ সন্ধিয়াৰ ভাগতো চলিব ফেৰী ৷ মাজুলীলৈ অহা-যোৱা কৰা যাত্ৰী সকলৰ কষ্ট লাঘৱ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত প্ৰশাসনৰ ৷  

মাজুলীৰ অফলামুখৰ পৰা নিমাতী ঘাটৰ মাজত সন্ধিয়াৰ ভাগত চলিব এই ফেৰী সেৱা ৷ আজিৰ পৰা এই ফেৰী সেৱা আৰম্ভ হ’ব বুলি জানিবলৈ দিছে বিভাগীয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, মাজুলীবাসীৰ দক্ষিণপাৰলৈ যাতায়তৰ একমাত্ৰ মাধ্যম হ’ল এই ফেৰী সেৱা ৷ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈহে নিমাতী আৰু মাজুলীৰ মাজত চলাচল কৰিছিল এই ফেৰী সেৱা ৷ যাৰবাবে যাতায়তৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছিল মাজুলীৰ সাধাৰণ ৰাইজ ৷  

ৰাইজে যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হোৱা এই অসুবিধা দূৰ কৰিবৰ বাবে সন্ধিয়াৰ ভাগত এই যাতায়তৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ এই ফেৰী সেৱাই মাজুলীৰ সাধাৰণ ৰাইজক উপকৃত কৰিব বুলি আশা কৰা হৈছে ৷ 

লগতে পঢ়ক : শিৱৰাত্ৰিৰ আনন্দ উল্লাসৰ মাজতে মাজুলীত অঘটন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.