thumbnail

'মচাং এগে গাচৰ'ৰে জিলিকি উঠিল মা দুৰ্গা

By ETV Bharat Assamese Team

Published : 2 hours ago

জোনাই,১০ অক্টোবৰ: আজি মহাসপ্তমী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠিত দেৱী দুৰ্গাক আজি সমগ্ৰ ভক্তপ্ৰাণ ৰাইজে আৰাধনা কৰা পৰিলক্ষিত হৈছে । ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন আৰ্হিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপসমূহ । তাৰ সমান্তৰালকৈ মা দুৰ্গাক পৰিধান কৰোৱা হৈছে বিভিন্ন আটকধুনীয়া সাজপাৰ-পোচাক । এইবাৰ জোনাইৰ মুৰ্কংচেলেক-লক্ষ্মী নেপালী বস্তিস্থিত দুৰ্গা পূজাৰ মা দুৰ্গাৰ প্ৰতিমাক পৰিধান কৰোৱা সাজপাৰে ভক্তৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে ।  

এইবাৰ পূজা সমিতিয়ে মা দুৰ্গাক পৰিধান কৰাইছে মিচিং জনজাতীয় সাজ-পোচাক । মিচিং জনজাতীয় সাজপাৰ 'মচাং এগে গাচৰ' এ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । মিচিং জনজাতীয় সাজপাৰেৰে জিলিকি উঠা মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা আগবঢ়োৱাৰ বাবে পুৱাৰ পৰাই ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হৈছে । ইফালে মা দুৰ্গাৰ সমান্তৰালকৈ মহিষাসুৰ, মা লক্ষ্মী, গণেশ আৰু কাৰ্তিকৰ প্ৰতিমাকো পৰিধান কৰোৱা হৈছে মিচিং জনজাতীয় সাজপাৰ ।

লগতে পঢ়ক: ৰাজ্যৰ আকাশে-বতাহে দশভূজা দেৱী দুৰ্গাৰ জয়গান, উখল-মাখল ৰাজ্য

দুৰ্গা পূজা মণ্ডপত ব্ৰেকিং নিউজ; ক’ত এইটো মণ্ডপ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.