জল জীৱনৰ নলত জল বিচাৰি হাহাকাৰ ওদালগুৰিৰ ভূটীয়াচাংবাসী - Jal Jeevan Mission Assam

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 10:22 AM IST

thumbnail
জল জীৱনৰ নলত জল বিচাৰি হাহাকাৰ (ETV Bharat Assam)

ওদালগুৰি,২৮ জুলাই: জল জীৱন মিছন আঁচনিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা দুৰ্নীতিৰ বাতৰিয়ে সততে লাভ কৰে সংবাদ শিৰোনাম । ইমানৰ পাচতো যেন দুৰ্নীতি তথা ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিবলৈ আহৰি নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ । এইবাৰ পোহৰলৈ আহিছে ওদালগুৰি জিলাত জল জীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওদালগুৰি জিলাৰ টংলা সংমণ্ডলৰ ভূটীয়াচাঙত জল জীৱন মিছন আঁচনিৰ পৰা এটুপিও বিশুদ্ধ খোৱাপানী পাবলৈ সক্ষম নহ’ল ৰাইজ । ধোঁৱাচাঙত পৰিণত হ’ল জল জীৱন মিছন আঁচনি । এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ভূটীয়াচাঙৰ সৰ্বসাধাৰণ ৰাইজ । বৰ্তমানো বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটোৰ ৰাইজ । শীঘ্ৰে এই সমস্যাৰ সমাধান বিচাৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান ৰাইজৰ ।

লগতে পঢ়ক: সৰুপথাৰত বাতৰি প্ৰকাশৰ পিছতহে গা লৰিল জল জীৱন আঁচনিৰ দায়িত্বত থকা ঠিকাদাৰৰ - Jal Jeevan Mission Assam

ৰঙাপৰাত পৰিত্যক্ত অৱস্থাত হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি - Jal Jeevan Mission Assam

জল জীৱন মিছন আঁচনিত দুৰ্নীতি, বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ হাহাকাৰ - Jal Jeevan Mission Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.