thumbnail

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 1:31 PM IST

ETV Bharat / Videos

নলবাৰীত নিৰ্বাচনী ৰণশিঙা বজালে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নে

নলবাৰী, ১৯ মাৰ্চ :  নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানেই শাসক-বিৰোধীয়ে নিজ নিজ সমষ্টিত চলাইছে ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ । সোমবাৰে বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰৰ পিচতেই মঙলবাৰে বিৰোধী কংগ্ৰেছেও চলাইছে সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।

আজি (মঙলবাৰ) নলবাৰীৰ ৰাজীৱ ভৱনত নলবাৰী সমষ্টিৰ ভিত্তিত কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী দ্বীপ বায়নে চলাই নিৰ্বাচনী প্ৰচাৰ । দলটোৰ বিভিন্ন পৰ্যায়ৰ নিয়োজিত নেতা-কৰ্মীৰে মত বিনিময় কৰে দ্বীপ বায়নে । কোনো কাৰণতে বৰপেটাৰ আসনখন হেৰুৱাৰ নিবিচাৰে কংগ্ৰেছে ।

সমষ্টিৰ পুনঃনিৰ্ধানৰ পিচত ৰাজনৈতিক পট সলনি হোৱা বৰপেটাতত এইবাৰ এঘৰী যুঁজিবলৈ সাজু হৈছে কংগ্ৰেছ । আজি বৰপেটাৰ প্ৰক্ষেপিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অগপক তীক্ষ্ণ সমালোচনা কৰে । অগপ প্ৰক্ষেপিত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে অসম আন্দোলন, অসম চুক্তিক অৱমাননা কৰি কেৱল নিজৰ বিলাসিতা জীৱন যাপনৰ উদ্দেশ্যে ৰাজনীতি কৰি আহিছে বুলি সমালোচনা কৰে দ্বীপ বায়নে ।

কেৱল ইমানেই নহয় অগপৰ মাত্ৰ কেইজনমান নেতাই নিজৰ ৰাজ বিলাসিতাৰ বাবে ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজেৰে ৰাজনীতি কৰি আছে বুলিও সমালোচনা কৰে নেতাগৰাকীয়ে । আনহাতে এইবাৰ লোকসভা নিৰ্বাচনত বৰপেটাত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ লগতে ৰাইজে বিবেক বিবেচনাৰে এইবাৰ কংগ্ৰেছক ভোট দান কৰিব বুলি বিশ্বাসী দ্বীপ বায়নে ।

লগতে পঢ়ক : দীপ গগৈ-পৱন সিং ঘাটোৱাৰৰ ওচৰত বিজেপিক ক্ষমা খোজাৰ দাবী গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.