হায়দৰাবাদ: জনপ্ৰিয় সামাজিক মাধ্যম টিকটক চীনৰ অধীনত থকাটো নিবিচাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ ইয়াৰ লগতে সোমবাৰৰ সন্ধিয়া ট্ৰাম্পে কয় যে টিকটক ক্ৰয় কৰিবলৈ বহু প্ৰতিদ্বন্দ্বী আছে আৰু তেওঁ “আমেৰিকাই যৌথ উদ্যোগত 50% মালিকীস্বত্বৰ স্থান লাভ কৰাটো বিচাৰিব ।”
ৰয়টাৰৰ বাতৰি অনুসৰি, সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে মাইক্ৰ’ছফটে ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম টিকটক অধিগ্ৰহণৰ বাবে আলোচনাত মিলিত হৈছে আৰু তেওঁ এই এপটোক লৈ নিবিদা প্ৰক্ৰিয়া হোৱাটো বিচাৰিব ।
ড’নাল্ড ট্ৰাম্পে কয় যে টিকটক ক্ৰয় কৰিবলৈ বহু প্ৰতিদ্বন্দ্বী আছে আৰু তেওঁ “আমেৰিকাই যৌথ উদ্যোগত 50 শতাংশ মালিকীস্বত্বৰ স্থান লাভ কৰাটো বিচাৰিব ।”
ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে এইটোও প্ৰকাশ কৰিছিল যে তেওঁ টেছলাৰ চিইঅ’ ইলন মাস্ক বা অৰেকল কৰ্পৰ অধ্যক্ষ লেৰী এলিছনে ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মটো গ্ৰহণ কৰাটো বিচাৰে কাৰণ তেওঁ ইয়াৰ চীনা মালিকীস্বত্ব থকাটো নিবিচাৰে ।
শনিবাৰে টিকটক বিক্ৰী সন্দৰ্ভত ট্ৰাম্পে কয়, "অসংখ্য লোকে মোৰ সৈতে কথা পাতিছে। অতি গুৰুত্বপূৰ্ণ মানুহ। আমাৰ ইয়াৰ প্ৰতি বহুত আগ্ৰহ আছে, আৰু আমেৰিকা ডাঙৰ লাভৱান হ’ব ৷ আমেৰিকাই লাভৱান হ’লেহে মই সেইটো কৰিম ।”
পাৰ্প্লেক্সিটিৰ এই অফাৰে বাইটডান্সক টিকটকত নিজৰ অংশীদাৰিত্ব বজাই ৰাখিবলৈ অনুমতি দিয়ে যদিও দেশখনৰ কাৰ্যকলাপৰ বাবে সকলো সিদ্ধান্ত গ্ৰহণৰ নিয়ন্ত্ৰণত আমেৰিকা ভিত্তিক ব’ৰ্ডৰ প্ৰয়োজন হ’ব ।
চলিত মাহৰ আৰম্ভণিতে চীনৰ মালিকানাধীন এপ্লিকেচনটোৰ ডাটা প্ৰাইভেচিক লৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ বাবে দেশত টিকটক নিষিদ্ধ কৰা আইনখনক মানি লৈছিল আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ।
অৱশ্যে প্ৰচাৰৰ সময়ত কম বয়সীয়া ভোটাৰৰ সৈতে জড়িত হোৱাত সহায় কৰা এই এপটোক কৃতিত্ব দিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে এই নিষেধাজ্ঞা সাময়িকভাৱে বন্ধ ৰাখিছে ৷ টিকটক এপটোক বিক্ৰী কৰিবলৈ 75 দিনৰ সময় দিয়া কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰা হৈছে যাতে এপটো চীনৰ মালিকানাধীনৰ পৰা মুক্ত কৰিব পাৰি ।