তিনিচুকীয়া: ৰাজ্য়ত আৰক্ষী প্ৰশাসনে অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ মাজতেই সংঘটিত হৈ আহিছে চুৰি-ডকাইতিৰ লগতে লোমহৰ্ষক ঘটনা । মাৰণাস্ত্ৰ দেখুৱাই ঘাইপথৰ লগতে তেল ডিপো আদিত ডকাইতে নিৰ্বিঘ্নে সংঘটিত কৰি আহিছে চাঞ্চল্য়কৰ ডকাইতিকাণ্ড ।
সোমবাৰে নিশাও তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত মা পেট্ৰ'ল এজেঞ্চী নামৰ তেল ডিপোটোত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড । ঘটনাৰ বিৱৰণি অনুসৰি পাঁচজনীয়া এটা ডকাইতৰ দলে পিষ্টল, তৰোৱাল দেখুৱাই লক্ষাধিক টকা লুট কৰি ঘটনাস্থলীৰ পৰা নিৰ্বিঘ্নে আঁতৰি যায় ।
কেনেকৈ সংঘটিত হয় ডকাইতিকাণ্ড ?
এই ঘটনাৰ বিষয়ে উল্লেখ কৰি ডিপোটোৰ এজন কৰ্মচাৰীয়ে কয়, "মাৰণাস্ত্ৰ, তৰোৱাল লৈ অহা পাঁচজনীয়া দলটোৱে নম্বৰপ্লেটবিহীন এখন হোণ্ডাই ভেন্যু বাহনত আহি ডিপোটোত হঠাৎ প্ৰৱেশ কৰে । দলটোৱে ডিপোত প্ৰৱেশ কৰিয়েই প্ৰথমে চি চি কেমেৰা বিকল কৰে ৷ সেই সময়ত কৰ্মচাৰীসকলে দিনটোৰ হিচাপ-নিকাচ কৰি আছিল ৷ ডিপোটোত সোমাই কাৰ্যালয়ত প্ৰৱেশ কৰি মূৰত পিষ্টল লগাই দিয়াৰ লগতে তৰোৱাল দেখুৱাই ধনখিনি কাঢ়ি লৈ যায় । দলটোৰ দুজনৰ হাতত পিষ্টল থকাৰ লগতে বাকীসকলৰ হাতত তৰোৱাল আছিল ।"
ডিপোটোৰ এজন কৰ্মচাৰীয়ে কয় যে লক্ষাধিক টকা কাঢ়ি লৈ যোৱাৰ সময়ত চি চি কেমেৰাৰ মনিটৰ আৰু ডিপোটোৰ কৰ্মচাৰীসকলৰ মোবাইল ফোনসমূহো কাঢ়ি নিয়ে। অৱশ্যে হেণ্ডছেট কেইটা পৰৱৰ্তী সময়ত ৰাজপথত পেলাই থৈ গাড়ীত উঠি দলটোৱে পলায়ন কৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে । ইতিমধ্যে কালিৰ এই ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মঙলবাৰে তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ ন-মতাপুং গাঁৱৰ পৰা পল্লৱ চেতিয়া নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য় যে যোৱা ২৫ জানুৱাৰীত তিনিচুকীয়া জিলাৰে ডিগবৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা টিংৰাই ফিলিং ষ্টেচনতো আন এক ডকাইতিকাণ্ড সংঘটিত হৈছিল ।