Yoga and Pranayam for healthy heart: হৃদযন্ত্ৰ আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ আৰু ইয়াক সুস্থ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ ৷ আধুনিক জীৱনশৈলী, মানসিক চাপ, দুৰ্বল খাদ্যাভ্যাস হৃদৰোগৰ প্ৰধান কাৰণ হৈ পৰিছে ৷ অৱশ্যে যোগ আৰু প্ৰাণায়ামৰ জৰিয়তে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাসমূহ হ্ৰাস কৰিব পৰা যায় ৷ যোগ আৰু প্ৰাণায়ামে কেৱল শাৰীৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰাই নহয় মানসিক শান্তি আৰু সতেজতাও প্ৰদান কৰে ৷
যোগ আৰু প্ৰাণায়ামৰ দ্বাৰা হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰক
European Society of Cardiologyৰ মতে, যোগ আৰু প্ৰাণায়ামে ৰক্ত সঞ্চালন উন্নত কৰে, যিটো হৃদযন্ত্ৰৰ বাবে অতিকৈ উপকাৰী ৷ নিয়মিতভাৱে যোগাসন কৰিলে শৰীৰৰ বিভিন্ন অংশত ৰক্ত সঞ্চালন বৃদ্ধি হোৱাত সহায় হয় আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে ৷ মানসিক চাপো হৃদযন্ত্ৰৰ সমস্যাৰ কাৰণ ৷ যোগ আৰু প্ৰাণায়ামৰ জৰিয়তে শাৰীৰিক তথা মানসিক চাপ নিয়ন্ত্ৰিত হোৱাই নহয় ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰতো কমকৈ চাপ পৰে ৷ উচ্চ ৰক্তচাপ হৃদৰোগৰ আন এক কাৰণ ৷ যোগ আৰু প্ৰাণায়ামৰ দ্বাৰা বি পি নিয়ন্ত্ৰণ কৰিব পাৰি ৷ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ যোগ আৰু প্ৰাণায়ামে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে ৷
যোগাসন
যোগাসনৰ কথা ক’বলৈ গ’লে আপুনি বহুতো যোগাসন অনুশীলন কৰিব পাৰে আৰু সকলো যোগাসনে বেলেগ বেলেগ ধৰণে কাম কৰে ৷ যেনে সৰ্বাংগাসন যোগে ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে হৃদযন্ত্ৰ শক্তিশালী কৰে ৷ বৃক্ষাসনে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰক শান্ত কৰি ৰাখে ৷ বালাসন হৈছে আৰামদায়ক যোগাসন, যিয়ে মানসিক চাপ কম কৰাৰ লগতে হৃদযন্ত্ৰক শান্ত কৰে ৷ সেতু বন্ধ সৰ্বাংগাসনে মানসিক শান্তি আৰু শাৰীৰিক শিথিলতা প্ৰদান কৰে, যাৰ ফলত হৃদস্পন্দন নিয়ন্ত্ৰণত থাকে ৷ ধনুৰাসনে হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু বি পি নিয়ন্ত্ৰণ কৰে ৷ পদ্মাসনে মানসিক শান্তিৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰে, যাতে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ৷
প্ৰাণায়াম
অনুলম-ভিলম প্ৰাণায়ামে (Alternate Nostril Breathing) ৰক্ত সঞ্চালন উন্নত কৰে আৰু মানসিক চাপ কম কৰাত সহায় কৰে, যাৰ ফলত হৃদস্পন্দন স্বাভাৱিক হৈ থাকে ৷ কপালাভাতী প্ৰাণায়ামে (Skull Shining Breath) শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰত শক্তি পৰিবহন কৰি হৃদযন্ত্ৰক শক্তিশালী কৰে ৷ ভ্ৰম্ৰী প্ৰাণায়ামে (Bee Breath)মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে, যাৰ ফলত হৃদস্পন্দন নিয়ন্ত্ৰণত থাকে ৷ উজ্জয়ী প্ৰাণায়ামে (Victorious Breath) শৰীৰত শান্তি আনে আৰু হৃদস্পন্দন নিয়ন্ত্ৰণ কৰে ৷ ধনুৰাসনে(Bow Pose) হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু বি পি নিয়ন্ত্ৰণ কৰে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক