ETV Bharat / sports

ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুডো চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অসমকন্য়াৰ - NATIONAL JUDO CHAMPIONSHIP

ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুডো চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা ভৱানী মৰাণক তিনিচুকীয়াৰ বাঘজানত সম্বৰ্ধনা ।

National Level Judo Championship
ভৱানী মৰাণক তিনিচুকীয়াৰ বাঘজানত সম্বৰ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 12:51 PM IST

তিনিচুকীয়া: মহাৰাষ্ট্ৰত উজলিল অসমকন্য়া । জুডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত মহাৰাষ্ট্ৰ জুডো এছ'চিয়েশ্য়ন এণ্ড ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্প'ৰ্টছৰ উদ্যোগত আয়োজিত জুডো চেম্পিয়নশ্বিপত এগৰাকী অসমকন্য়াই অৰ্জন কৰিলে স্বৰ্ণ পদক । এই লৈ উৎফুল্লিত হৈ পৰিছে খেলুৱৈগৰাকীৰ জন্মস্থান বাঘজানৰ ক্ৰীড়ানুৰাগী ।

বিগত ১৯ আৰু ২০ জানুৱাৰীত মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ছাব জুনিয়ৰ এণ্ড কেডেটছ নেশ্য়নেল জুডো চেম্পিয়নশ্বিপছ ২০২৪-২৫ ত তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱৰ ভৱানী মৰাণে অসমক প্ৰতিনিধিত্ব কৰি ৫৭ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । এই সাফল্য়ই তিনিচুকীয়াৰ লগতে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুডো চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অসমকন্য়াৰ (ETV Bharat Assam)

সদৌ অসম জুডো সন্থাৰ সভাপতি বাণীব্রত দাস, সম্পাদক জাপৰ খানৰ লগতে সন্থাৰ তৰফৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হোৱা ভৱানী মৰাণক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে । তিনিচুকীয়াৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত প্ৰশিক্ষণ প্ৰদান কৰা পৰমেশ্বৰ আৰু চিকেন্দ্ৰন আছাৰকো ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছে ৰাইজে ।

National Level Judo Championship
ভৱানী মৰাণক তিনিচুকীয়াৰ বাঘজানত সম্বৰ্ধনা (ETV Bharat Assam)

স্বৰ্ণ পদক লাভ কৰি ভৱানী মৰাণে ৰে’লৰে তিনিচুকীয়াত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠন তথা বাঘজানবাসীয়ে ফুলাম গামোচা, চেলেং, ফুলৰ থোপা, জাপি, শৰাইৰে উষ্ম আদৰণি জনাই আনন্দ প্ৰকাশ কৰে । এই সন্দৰ্ভত ভৱানী মৰাণে ১১ বছৰ বয়সৰ পৰা জুডো খেলি থকা বুলি মন্তব্য় কৰি কয়, "দেশৰ অধিকাংশ ৰাজ্যই অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত কেৰালা, মণিপুৰ, হাৰিয়ানা, পাঞ্জাৱ, অৰুণাচল প্ৰদেশৰ খেলুৱৈৰ স’তে মুঠ ৬ খন খেল খেলি জয়ী হ’বলৈ সক্ষম হওঁ । "

উল্লেখ্য যে খেলো ইণ্ডিয়াত অসমৰ পূজা বসুমতাৰীয়ে ২০২০ চনত প্ৰথম স্বৰ্ণ পদক অৰ্জন কৰিছিল । ইয়াৰ পাছতে অসমলৈ দ্বিতীয়টো স্বৰ্ণ জয় আৰু তিনিচুকীয়াৰ বাবে এয়া প্ৰথম স্বৰ্ণজয়ী খেলুৱৈ হিচাপে বিবেচিত হৈছে ভৱানী মৰাণ ।

লগতে পঢ়ক:বুঢ়া লুইতৰ উৎপত্তিস্থলৰ পৰা ভটিয়াই নিমাতীমুখ পালেহি ২২ জনীয়া দল - NIMAS HISTORIC BRAHMAPUTRA RAFTING

অখ্যাত গাঁৱৰ ক্ৰীড়া প্ৰতিভাৰ সুবাসেৰে সামৰণি পৰিল ব্ৰহ্মপুত্ৰ ভলীবলৰ - BVL SUPER LEAGUE 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.