ETV Bharat / state

পুৱাই গঁড়ে প্ৰাণ ল’লে বিক্ৰম লোহাৰৰ - MAN DIES IN RHINO ATTACK

কাজিৰঙাত অঘটন । গঁড়ৰ আক্ৰমণত নিহত এজন । নিহত লোকজন ৫৬ বছৰীয়া বিক্ৰম লোহাৰ বুলি জানিব পৰা গৈছে ৷

56-year-old killed in rhino attack in Kaziranga National Park
কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত এজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 12:37 PM IST

গোলাঘাট : মঙলবাৰে পুৱাই কাজিৰঙাত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ একাংশই চিঞৰিছে- ‘‘মৰিল ঐ মৰিল, মাৰিলে ঐ মাৰিলে ! বচা বচা, কোন-ক’ত আছ’ বচা !’’

বন বিভাগৰ লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, ‘‘মঙলবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া হালধীবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল মুভমেণ্ট কৰিড'ৰত এটা গঁড়ে এজন লোকক আক্ৰমণ কৰে ৷ গঁড়ৰ আক্ৰমণত বিক্ৰম লোহাৰ নামৰ এজন ৫৬ বছৰীয়া লোক গুৰুতৰভাৱে আহত হয় ।’’

কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত এজন (ETV Bharat Assam)

বন বিভাগৰ লোকজনে উল্লেখ কৰা মতে, আহত লোকজনক স্থানীয় লোকৰ সহযোগত বন বিভাগ লোকে ততাতৈয়াকৈ বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ নিয়ে ৷ কিন্তু চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত গঁড়ৰ আক্ৰমণত আহত বিক্ৰম লোহাৰক মৃত বুলি ঘোষণা কৰে ।

পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে কি পৰিস্থিতিত বিক্ৰম লোহাৰক গঁড়ে আক্ৰমণ কৰিলে তাৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে বিভাগীয় লোকে আৰম্ভ কৰিছে ।

লগতে পঢ়ক : চোঁচা মাৰি আহিল গঁড়ে: খৰি আনিবলৈ যোৱাই কাল হ'ল লক্ষীৰ

উল্লেখ্য যে, এয়াই প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও বহুবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিভিন্ন সময়ত ওলাই অহা বন্যপ্ৰাণীয়ে মানুহক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈ আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ মৃত্যু হোৱাৰ উপৰিও বহুলোক চিৰদিনৰ বাবে ঘুণীয়া হ’ব লগাত পৰিছে ।

তথ্য মতে, চলিত বৰ্ষৰ ৬ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ এলেকাধীন পানীজুৰি বন শিবিৰৰ সমীপত বনকৰ্মীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা এজন স্থানীয় লোক গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় । আহত লোকজন প্ৰায় ৩৫ বছৰীয়া লক্ষী টেৰণ ৷

আনহাতে, ২০২৪ ৰ ১৬ ডিচেম্বৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ ঝাৰগাঁও অঞ্চলত গঁড়ৰ আক্ৰমণত এজন ৫৫ বছৰীয়া ব্যক্তি আহত হয় ৷ আনকি ২০২৪ৰ ৩০ ছেপ্টেম্বৰতো পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত গঁড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু হৈছিল । নিহত লোকজন কামৰূপ (মেট্ৰ’) জিলাৰ সোণাপুৰ কচুতলী অঞ্চলৰ বাসিন্দা ছাদ্দাম হুছেইন (৩৭) আছিল ।

লগতে পঢ়ক : গঁড়ৰ আক্ৰমণত আহত কৃষ্ণ: পবিতৰাৰ পৰা ওলাই অহা গঁড়টো গ'ল ক'লৈ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.