thumbnail

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 3:56 PM IST

ETV Bharat / Videos

শিৱসাগৰত বিজেপিয়ে পালন কৰিলে ক’লা দিৱস - Black day observe by BJP

শিৱসাগৰ, 26 জুন : ১৯৭৫ চনত কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ সময়ত দলটোৰ যি চৰিত্ৰ আছিল বৰ্তমানেও সেই চৰিত্ৰই আছে । নৈৰাজ্যবাদ, বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰাটো কংগ্ৰেছৰ পুৰণি স্বভাৱ । শিৱসাগৰত বিজেপিয়ে উদযাপন কৰা ‘ক’লা দিৱস’ত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে দলটোৰ ৰাজ্যিক মিডিয়া পেনেলিষ্ট ৰঞ্জীৱ কুমাৰ শৰ্মাই ।

ইয়াৰ উপৰিও কংগ্ৰেছ গান্ধী পৰিয়ালৰ নেতৃত্বত চলা দল বুলি কটাক্ষ কৰে শৰ্মাই । বিপদৰ সময়ত সকলো বিৰোধী দলক লগত ল’লে যদিও কংগ্ৰেছৰ অৱস্থা কিছু ভাললৈ অহাৰ লগে লগে বিৰোধী দলপতিৰ দায়িত্ব ৰাহুল গান্ধীকে চমজাই দিলে বুলিও মন্তব্য ৰঞ্জীৱ কুমাৰ শৰ্মাৰ । ইপিনে শেহতীয়াকৈ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে এজন জনজাতীয় লোকক উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব লাগে বুলি কোৱা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে ৰঞ্জীৱ কুমাৰ শৰ্মাই । তেওঁ কয়, ‘‘জনজাতীয় লোক কেৱল ডেপুটি চি এম কিয়, চি এমো হ’ব লাগে ৷ ভাল কথা ।‌ ২০১৬ ত প্ৰথমবাৰৰ বাবে বিজেপিয়ে অসমত চৰকাৰ গঠন কৰাৰ পিচতেই মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল ।’’

‘‘কংগ্ৰেছৰ শাসনকালত অসমৰ সকলো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীয়ে দখল কৰিছিল । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এজন জনজাতীয় লোকক দি দেখুৱাওক । ভৰত নৰহক কিয় সভাপতি পতা নাই ?’’- এই প্ৰশ্ন ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ।

লগতে পঢ়ক: জৰুৰীকালীন অৱস্থাৰ ৪৯ বছৰ : বিজেপিৰ ক’লা দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.