ছাত্ৰীক অশ্লীল ইংগিত দিয়াক লৈ উত্তাল বৰভিটা পি এম উচ্চতৰ মাধ্যমিক বিদ্যালয় - Student Protest In Barpeta

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 10:47 PM IST

thumbnail
ছাত্ৰীক অশ্লীন ইংগিত দিয়াক লৈ উত্তাল বৰভিটা পি এম উচ্চতৰ মাধ্যমিক বিদ্যালয় (ETV Bharat Assam)

জনিয়া, ৯ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ বৰভিটা পি এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ এজন শিক্ষকে অশ্লীল ইংগিত দিয়া বুলি অভিযোগ উত্থাপন হৈছে । ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ভাইৰেল কৰিছে অভিযোগৰ ভিডিঅ' । তাৰ পিছতেই জাঙুৰ খাই উঠিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ।

এগৰাকী ছাত্ৰীক অশ্লীল ইংগিত দিয়া আৰু নাৰী নিৰ্যাতন বন্ধ কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত বিদ্যালয় চৌহদত সোমবাৰে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ-ছাত্ৰীসকলে । কিছুদিন পূৰ্বে ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে অভিযোগ কৰিছিল যে, তেওঁক বিদ্যালয়ৰ এজন শিক্ষকে অশ্লীল ইংগিত দিছিল । শিক্ষকগৰাকীৰ কথা নামানিলে পৰীক্ষাত ফেল কৰাই দিব বুলি ভাবুকি প্ৰদান কৰিছিল । ৰহস্যজনকভাৱে ছাত্ৰীগৰাকীয়ে শিক্ষকজনৰ নাম উল্লেখ কৰা নাই ।

যাৰবাবে আজি শিক্ষকজনক উচিত শাস্তি বিহাৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাচ বৰভিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক বিষয়টো তদন্ত কৰি ন্যায় প্ৰদান কৰাৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক: চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Assam govt Art and craft college

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.