বিহুনৃত্যৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল বাইহাটাৰ জোনাক নয়নী - MUMBAI CARNIVAL 2024
🎬 Watch Now: Feature Video
Published : Dec 18, 2024, 7:47 PM IST
বাইহাটা : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী শিঙাৰপাৰাৰ কিশোৰী জোনাক নয়নী কাশ্যপে । মুম্বাই কাৰ্নিভেল ২০২৪ নামৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জোনাক নয়নী কাশ্যপে লোকনৃত্য শিতানত শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 'ডুবাই কাৰ্নিভেল ২০২৫'ৰ বাবে যোগ্যতা অৰ্জন কৰিছে নৃত্যশিল্পীগৰাকীয়ে ।
উল্লেখ্য যে নিউ ইভেণ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ পৰিচালক নিউটন হাজৰিকাৰ উদ্যোগত বিগত ১৬ জুলাইৰ পৰা ৩১ জুলাইলৈ গুৱাহাটীস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক অনুষ্ঠানত জোনাক নয়নী কাশ্যপে অংশগ্ৰহণ কৰি লোকনৃত্য বিহু প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ বঁটা লাভ কৰে । আধুনিক নৃত্য শিতানতো তেওঁ প্ৰথম স্থান লাভ কৰে । লোকনৃত্যত (বিহু) শ্ৰেষ্ঠ বঁটা লাভ কৰি নয়নী কাশ্যপ মুম্বাই কাৰ্নিভেললৈ নিৰ্বাচিত হয় । যোৱা ১১ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত এই প্ৰতিযোগিতাত জোনাক নয়নী কাশ্যপে বিহুনৃত্য পৰিৱেশন কৰি শ্ৰেষ্ঠ বঁটা লাভ কৰে । মুম্বাইত শ্ৰেষ্ঠ বঁটা লাভ কৰি তেওঁ পুনৰ ডুবাই কাৰ্নিভেল ২০২৫ৰ বাবে যোগ্যতা অৰ্জন কৰে ।
নয়নীৰ এই সফলতাত আনন্দিত তেওঁৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী । জোনাক নয়নী কাশ্যপ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত শিঙাৰপাৰাৰ হেমন্ত শৰ্মা আৰু ৰশ্মিৰেখা দেৱীৰ একমাত্ৰ কন্যা । জোনাক নয়নী 'শিঙাৰপাৰা অংকুৰণ শান্তি নিকেতন'ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ।