POCSO গোচৰত দোষী সাব্যস্ত হ’ল দীনেশ দাস, ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড - POCSO CASE

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 5:19 PM IST

ৰঙিয়া: ৰঙিয়াৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান । POCSO (Protection of Children from Sexual Offences Act) গোচৰত দোষী সাব্যস্ত এজনক ২০ বছৰ সশ্ৰম কাৰাদণ্ড । চৰকাৰক ভুক্তভোগীক ৩ লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ বিশেষ আদালতৰ ।

ৰঙিয়াৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতে বাইহাটাৰ দীনেশ দাস নামৰ এজনক দোষী সাব্যস্ত কৰে । শিশু সুৰক্ষা বিষয়া মুনমুন সাধনীদাৰ নেওগৰ এজাহাৰৰ ভিত্তিত এই গোচৰটো ২০২০ চনত বাইহাটা চাৰিআলি থানাত ৰুজু হৈছিল ।

সোমবাৰে ৰঙিয়াৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান দিলে অভিযুক্ত দীনেশ দাসৰ বিৰুদ্ধে । অভিযুক্ত দীনেশ দাসৰ বিৰুদ্ধে এই ৰায় প্ৰদান কৰা হয় বুলি কয় চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই ।

ন্যায়াধীশ মুকুল চেতিয়াৰ বিশেষ আদলতে অভিযুক্ত দীনেশ দাসক ২০ বছৰৰ কাৰাদণ্ডৰ লগতে জৰিমনা বিহে । লগতে ৩ লাখ টকা ভুক্তভোগীক চৰকাৰৰ তৰফৰ পৰা পৰিশোধ কৰা হ’ব বুলি এই ৰায়ত উল্লেখ কৰে । ৰঙিয়াৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতৰ ৰায়দানত সন্তোষ প্ৰকাশ ভুক্তভোগী পৰিয়ালৰ ।

লগতে পঢ়ক : যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চাৰি হত্যাকাৰীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.