ভাৰতীয় দলত ৰিয়ান পৰাগে স্থান পোৱাত গৌৰৱ অনুভৱ কৰিছোঁ : অসম ক্ৰিকেট সন্থাৰ সভাপতি - Riyan Parag selected in Indian team

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 10:58 PM IST

thumbnail
ৰিয়ান পৰাগৰ ভাৰতীয় দলত স্থান লাভত প্ৰতিক্ৰিয়া তৰংগ গগৈৰ (ETV Bharat Assam)

ডিব্ৰুগড়, ২৪ জুন : প্ৰথমগৰাকী অসমীয়া হিচাপে ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে । সোমবাৰে ঘোষণা কৰা আগন্তুক জিম্বাব'ৱে ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰি অসম সন্তান ৰিয়ান পৰাগে ইতিহাস গঢ়িবলৈ সক্ষম হৈছে ।  

কিয়নো এই পৰ্যন্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কোনো ক্ৰিকেটাৰে ভাৰতীয় দলত স্থান লাভ কৰা নাই । সদ্যসমাপ্ত আই পি এলত ৰিয়ান পৰাগৰ প্ৰদৰ্শনত ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছিল যে চলিত টি-২০ বিশ্বকাপত ভাৰতীয় দলত স্থান লাভ কৰিব ৰিয়ানে ।  

কিন্তু সেয়া নহ'লেও আগন্তুক জিম্বাব'ৱে ভ্ৰমণৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ পোৱা ৰিয়ান পৰাগক শুভেচ্ছা জনাইছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে । ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ ৰিয়ান পৰাগ সন্দৰ্ভত ডিব্ৰুগড়ৰ নাহৰকটীয়াত মন্তব্য প্ৰকাশ কৰি তৰংগ গগৈয়ে কয়, "ভাৰতীয় দলত ৰিয়ান পৰাগৰ নাম দেখি গৌৰৱ অনুভৱ কৰিছোঁ । অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে আশা কৰিছিলোঁ উমা চেত্ৰীয়ে মহিলা ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাৰ পাচত পুৰুষ দলত ৰিয়ান পৰাগে স্থান লাভ কৰিব । এই শৃংখলা ৰিয়ান পৰাগৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব ।"

উল্লেখ্য, আগন্তুক জিম্বাব'ৱেৰ বিৰুদ্ধে শৃংখলাত কোনো জ্যেষ্ঠ আৰু অভিজ্ঞতাপূৰ্ণ খেলুৱৈ নাথাকিব । এই শৃংখলাত ভাল খেল প্ৰদৰ্শন কৰিব পাৰিলে ৰিয়ান পৰাগে ভাৰতীয় দলত নিজৰ স্থান নিগাজী কৰিব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক :জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা : দলত অন্তৰ্ভুক্ত ৰিয়ান পৰাগ - Riyan Parag in India Team

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.