হোলোঙাপাৰস্থিত বীৰ লাচিত মৈদামৰ প্ৰকল্পস্থলীত মুখ্যমন্ত্ৰী - ASSAM CM IN JORHAT LACHIT MOIDAM

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 7:16 PM IST

টীয়ক: টীয়কৰ লাহদৈগড়ৰ হোলোঙাপাৰস্থিত বীৰ লাচিত মৈদামৰ প্ৰকল্পস্থলীত কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৫২ বিঘা ভূমি সামৰি প্ৰায় ১৭৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই প্ৰকল্পটো ।

উল্লেখযোগ্য যে এই প্ৰকল্পৰ অন্যতম আকৰ্ষণ ১৫০ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ৷ ইতিমধ্যে এই ১৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে । মুখ্যমন্ত্ৰীগৰাকী বীৰ লাচিতৰ মৈদামস্থলীত উপস্থিত হৈ প্ৰথমে লাচিতৰ মৈদামত তৰ্পণ কৰে । তাৰ পাছতে নিৰ্মীয়মান প্ৰকল্পৰ বুজ লয় আৰু অহা ২০২৫ চনৰ আগষ্ট বা ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : প্ৰথমবাৰলৈ মাজুলীত আয়োজন পৰ্যটন মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.