চুলাই ব্যৱসায়ীৰ পৰা মাহেকীয়া কমিচন সংগ্ৰহৰ অভিযোগ আবকাৰী বিভাগৰ বিৰুদ্ধে - Excise office gherao in Amguri

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 8:12 PM IST

thumbnail
আবকাৰী বিভাগৰ বিৰুদ্ধে অভিযোগ (ETV Bharat Assam)

আমগুৰি,১০ জুলাই: আমগুৰিত আবকাৰী কাৰ্যালয় ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আটাছুৱে । আবকাৰী বিভাগৰ বিৰুদ্ধে চুলাই ব্যৱসায়ীৰ পৰা মাহেকীয়া কমিচন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । আবকাৰী বিভাগ হায় হায়, আবকাৰী বিভাগৰ চুলাই ব্যৱসায়ীৰ পৰা কমিচন লোৱা বন্ধ কৰক, চুলাই ব্যৱসায় বন্ধ কৰক আদি শ্ল'গানেৰে আটাছুৱে আবকাৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে ।  

আটাছুৱে আমগুৰি আবকাৰী বিভাগৰ পৰিদৰ্শকৰ বিৰুদ্ধে চুলাই ব্যৱসায়ী, লালীগুড়ৰ ব্যৱসায়ী, অৰুণাচলী সুৰাৰ ব্যৱসায়ীৰ পৰা মাহেকীয়া কমিচন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ । দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি আমগুৰিৰ ঘোচখোৰ আবকাৰী বিভাগৰ বিষয়া কেইজনে কেৱল কমিচনৰ অংকতে চুলাই বেপাৰীক অবাধে ব্যৱসায় কৰাৰ সুবিধা কৰি দিয়ে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । আবকাৰী বিভাগৰ কাৰ্যালয়তে আটাছুৱে জবাবদিহি কৰে আবকাৰী পৰিদৰ্শকক । অতি শীঘ্ৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আটাছুৰ আমগুৰি আঞ্চলিক সমিতিয়ে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: সমস্য়া সমাধানৰ দাবীত শ্ৰমিক বিক্ষোভত উত্তাল কাজলগাঁও - CITU protest

কৃত্ৰিম বানত ব্যাহত মহানগৰবাসীৰ জীৱন : ৰাজপথলৈ ওলাই আহিল আবাল-বৃদ্ধ-বণিতা - Protest In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.