টীয়ক অগপই উদযাপন কৰিলে সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৪ সংখ্যক মৃত্যু তিথি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:24 PM IST

টীয়ক, 20 জানুৱাৰী : আধুনিক টীয়কৰ অন্যতম স্ৰষ্টা অসম আন্দোলনৰ বলিষ্ঠ ছাত্ৰনেতা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ আজি ৩৪ সংখ্যক মৃত্যু তিথি । টীয়কৰ বিভিন্ন দল-সংগঠনৰ লগতে একালৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীৰ মৃত্যু তিথি উদযাপন কৰাৰ সমান্তৰালকৈ আজিৰ এই বিশেষ দিনটো টীয়ক অগপই ভগামুখস্থিত ললিত ৰাজখোৱাৰ সমাধিক্ষেত্ৰত এলানি কাৰ্যসূচী গ্ৰহণ কৰে ।

দলীয় পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পাচতে সমাধিস্থলীত পুষ্পাঞ্জলী অৰ্পন কৰে ৰাজখোৱাৰ সহধৰ্মিনী তথা বৰ্তমানৰ টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই আৰু বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেশ বৰুৱাই । ইয়াৰ পাচতে দ্বীপেন বৰগোঁহাইয়ে আঁতধৰা স্মৃতি চাৰণ সভাত যুৱ নেতা বিকাশ শইকীয়া, টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়া, অগপৰ টীয়ক সমষ্টিৰ কেইবাগৰাকীও বিষয়ববীয়া, পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকি ললিত ৰাজখোৱাৰ কৰ্মৰাজিৰ জীৱনপঞ্জী সম্বলিত এখনি গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সিংহ যুৱকগৰাকীৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ বিষয়ে আলোচনা কৰে । সভাত উপস্থিত সকলোৱে তেওঁৰ আদৰ্শেৰে আগুৱাই যোৱাৰ সংকল্প লয় ।

লগতে পঢ়ক : ভাৰত জোড়ো ন্যায় যাত্ৰালৈ ভয় খাইছে মুখ্যমন্ত্ৰী শৰ্মাই: লুৰীণজ্যোতিৰ কটাক্ষ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.