তিনিচুকীয়াত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ - Aasu Protest Against Price Hike

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 7:24 PM IST

thumbnail
তিনিচুকীয়াত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ (ETV BHARAT ASSAM)

তিনিচুকীয়া, ৮ জুন: জীৱনদায়িনী ঔষধ, পেট্ৰ’ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি সকলো ধৰণৰ সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে তিনিচুকীয়াত জিলা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীসকলে লগতে সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ তথা যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰে ৷ তেওঁলোকে লগতে বৰ্তমানৰ চৰকাৰখন বনিয়াৰ পুঁজিপতিৰ চৰকাৰ বুলি উল্লেখ কৰি দাৰিদ্ৰলোকৰ মৰ্মবেদনা তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই ৷ 

চৰকাৰে শীঘ্ৰে জীৱনদায়িনী ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ৷ 

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আছুৱে - Aasu Protest Against Price Hike

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.