অসম

assam

বৰপেটাৰ হাউলীত মুকলি হ'ব ISRO ৰ মহাকাশ গৱেষণাগাৰ - ISRO space education

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 11:06 PM IST

বৰপেটাৰ হাউলীত মুকলি হ'ব ISRO ৰ মহাকাশ শিক্ষা (ETV Bharat Assam)

বৰপেটা, ১৭ ছেপ্টেম্বৰ: ৰাজ্যত মুকলি হ'ব মহাকাশ শিক্ষাৰ গৱেষণাগাৰ । বৰপেটাৰ হাউলীত মুকলি হ'ব ISRO ৰ মহাকাশ গৱেষণাগাৰ । উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মুকলি হ'ব ISRO ৰ মহাকাশ গৱেষণাগাৰ । বৰপেটাৰ হাউলীৰ ছেন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুলত মুকলি হ'ব ISRO ৰ এই মহাকাশ গৱেষণাগাৰটি । এই সম্পর্কে মঙলবাৰে ছেন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুল কৰ্তৃপক্ষৰ সৈতে সম্পন্ন হয় এক বুজাবুজিৰ চুক্তি । বিদ্যালয়খনত অহা দুই তিনি মাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব এই গৱেষণাগাৰ । এই কথা জনালে বিদ্যালয়খনৰ সঞ্চালক প্ৰধান খাইৰুল ইছলামে ।  

ISRO ৰ গৱেষণাগাৰ স্থাপনৰ এই চুক্তি সম্পাদনৰ সময়ত ছেন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুল কৰ্তৃপক্ষৰ লগতে উপস্থিত থাকে Vomica Space Academy ৰ CEO তথা ISRO ৰ টিউটৰ গোৱিন্দ যাদৱ আৰু Space Academy ৰ উত্তৰ-পূৱৰ ৰাজ্যিক সমন্বয়ক তথা ISRO ৰ টিউটৰ প্ৰণেশ দেবনাথ । বৰপেটাৰ হাউলী ছেন্ট টেৰেছা ইলিংচ মিডিয়াম স্কুলখনে অতি কম দিনৰ ভিতৰতে বিভিন্ন দিশত আগবাঢ়ি যোৱাৰ সময়তে মহাকাশ গৱেষণাগাৰ মুকলিৰ এই প্ৰয়াসৰ ফলত নিশ্চিতভাৱে বিদ্যালয়খনে আন এক মাত্ৰা লাভ কৰিব । 

লগতে পঢ়ক: ছত্তীশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত উজ্জ্বলিল অসমীয়া সংস্কৃতি - Chakradhar samaroh festival

আনক আমনি কৰি ভালপোৱা মণিকা ইকেৰ সৈতে পৰিচয় হওঁ আহক - Specially Abled Girl Manika Eke

ABOUT THE AUTHOR

...view details